নলবাৰী,11 আগষ্ট: দেশৰ ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে নলবাৰী জিলাৰ মুক্তি যুঁজাৰুসকলক চৰকাৰৰ নিৰ্দেশনামৰ্মে দেওবাৰে জিলা উপায়ুক্ত পূৰৱী কোঁৱৰৰ নেতৃত্বত ঘৰে ঘৰে জনোৱা হয় সম্বৰ্ধনা ৷ কাৰ্যসূচী অনুসৰি জিলাখনৰ বেলশৰৰ নৰেন্দ্ৰ নাথ হালৈ, খগেন চন্দ্ৰ তালুকদাৰ, বিদ্যা ডেকা, গন্ধিয়াৰ কনক চন্দ্ৰ বৰ্মন, চানোৰাম বৰ্মন, অৰৰাৰ ফণীন্দ্ৰ কলিতা, গামাৰিমুৰীৰ গোপেশ্বৰ শৰ্মা, বৰ্ণিবাৰীৰ নাৰায়ণ বৰ্মন আৰু হেলচাৰ অশ্বিনী কুমাৰ চৌধুৰীকে ধৰি 9 গৰাকী মুক্তি যুঁজাৰুক সমাগত স্বাধীনতা দিৱস উপলক্ষে একোখন গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । লগতে কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈকে একোখন মাস্ক প্ৰদান কৰা হয় ৷
![Freedom Fighters felicitation by Nalbari District Administration assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8375219_img.jpg)
ইয়াৰোপৰি সদ্যপ্ৰয়াত ২৮ গৰাকী মুক্তি যুঁজাৰুৰ পত্নীকো ঘৰে ঘৰে গৈ একেদৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখ্য যে, সম্প্ৰতি কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব মনাৰ লগতে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰি সীমিত সংখ্যক লোকৰ উপস্থিতিৰে নলবাৰীত পালন কৰা হ’ব স্বাধীনতা দিৱস ৷ সেয়ে ভাৰত ত্যাগ দিৱসৰ লগত সংগতি ৰাখি ৯ আগষ্টত মুক্তি যুঁজাৰুসকলক এনেদৰে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে ।
![Freedom Fighters felicitation by Nalbari District Administration assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8375219_aa.jpg)
লগতে চাওকঃ দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ ছাত্ৰী