ETV Bharat / state

নলবাৰীত বানৰ সংহাৰী ৰূপ

author img

By

Published : Jul 15, 2019, 1:35 PM IST

বানপানীৰ কবলত নলবাৰীৰ ৯০ খন গাঁও । বৃদ্ধি পাইছে বানৰ কবলত পৰা ঠাইৰ সংখ্যা ।

নলবাৰীত বানৰ সংহাৰী ৰূপ

নলবাৰী, 15 জুলাই : নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ পৰা নামি অহা পানীৰ ফলত ওফন্দি উঠা নৈসমূহৰ ফলত নলবাৰীত বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম নলবাৰী অঞ্চলত বিশেষকৈ বুঢ়াদিয়া আৰু মৰা পাগলদিয়াই কেইবাঠাইটো মাথাউৰি ভাঙি জলমগ্ন কৰিছে বিস্তীৰ্ণ অঞ্চল, যাৰ ফলত বানপিড়িত অঞ্চলৰ ৰাইজে আশ্ৰয় লব লগা হৈছে ওখ ঠাইত । জিলা প্ৰশাসনৰ তথ্য অনুসৰি ৯০ খন গাওঁ বানৰ কবলত,৭২৬০০ গৰাকী লোক বানপানীৰ কবলত জিলাখনত । ৪১৯৮ হেক্টৰ কৃষি ভূমিৰ লগতে ৮৪১৪৪ টা সৰু ডাঙৰ পশুৰ লগতে ৪০৩৭৯ টা হাঁহ-কুকুৰা বানৰ কবলত পৰিছে । জিলাপ্ৰশাসনৰ পৰা যদিও ২২ টা সাহাৰ্য্য শিবিৰ বানপিড়িত ৰাইজৰ বাবে দিয়া হৈছে যদিও এতিয়াও বিভিন্ন প্ৰান্তত কোনো ধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ উপৰিও বিভিন্ন প্ৰান্তত মীন পালনেৰে জীবিকা নিৰ্বাহ কৰা ঠাইসমূহত পুখুৰী সমূহ পানীৰ কবলত পৰাত লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে মীন পালক সকল । সোমবাৰেও নেৰানেপেৰা বৰষুণৰ ফলত ন ন অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা দেখা গৈছে । বিভিন্ন প্ৰান্তৰ ওপৰত পকী পথৰে বাগৰিছে পানী । নলবাৰীত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ।

Intro:বানপানীৰ কবলত নলবাৰীৰ ৯০ খন গাওঁ।বৃদ্ধি পাইছে বানত কবলত পৰা ঠাই।

Body:নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ পৰা নামি অহা পানীৰ ফলত ওফন্দি উঠা নৈসমূহৰ ফলত নলবাৰীত বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম নলবাৰী অঞ্চলত বিশেষকৈ বুঢ়াদিয়া আৰু মৰা পাগলদিয়াই কেইবাঠাইটো মাথাউৰি ভাঙি জলমগ্ন কৰিছে বিস্তীৰ্ণ অঞ্চল।যাৰ ফলত বানপিড়িত অঞ্চলৰ ৰাইজে আশ্ৰয় লব লগা হৈছে ওখ ঠাইত ।জিলা প্ৰশাসনৰ তথ্য অনুসৰি ৯০ খন গাওঁ বানৰ কবলত,৭২৬০০ গৰাকী লোক বানপানীৰ কবলত জিলাখনত।৪১৯৮ হেক্টৰ কৃষি ভূমিৰ লগতে ৮৪১৪৪টা সৰু ডাঙৰ পশুৰ লগতে ৪০৩৭৯ টা হাহ কুকুৰা বানৰ কবলত পৰিছে। জিলাপ্ৰশাসনৰ পৰা যদিও ২২ টা সাহাৰ্য্য শিবিৰ বানপিড়িত ৰাইজৰ বাবে দিয়া হৈছে যদিও এতিয়াও বিভিন্ন প্ৰান্তত কোনো ধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ।ইয়াৰ উপৰিও বিভিন্ন প্ৰান্তত মাছ পালনেৰে জীবিকা নিৰ্বাহ কৰা ঠাইসমূহত পুখুৰী সমূহ পানীৰ কবলত পৰাত লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে।আজিও নেৰানেপেৰা বৰষুণৰ ফলত ন ন প্লাবিত হোৱাৰ সম্ভাৱনা।বিভিন্ন প্ৰান্তৰ ওপৰত পকী পথৰে বাগৰিছে পানী।নলবাৰীত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.