ETV Bharat / state

অৱশেষত ন্যায় পালে নলবাৰীৰ মঞ্জুৱাৰা বেগমে - মালিকুছি

৯ বছৰৰ অন্তত ন্যায় পালে নলবাৰী জিলাৰ ছমাৰকুছি গাঁৱৰ মঞ্জুৱাৰা বেগমে । সোমবাৰে নলবাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতে এক ঐতিহাসিক ৰায় যোগে মঞ্জুৱাৰাৰ ননন্দ হাছিনা বেগম আৰু স্বামীৰ বৌয়েক অঞ্জুৱাৰা বেগমক যাবজ্বীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হেজাৰ টকাকৈ জৰিমনা বিহে

ন্যায় পালে নলবাৰীৰ মঞ্জুৱাৰা বেগমে
author img

By

Published : Jul 9, 2019, 11:24 AM IST

নলবাৰী,৯জুলাই : ৯ বছৰৰ অন্তত ন্যায় পালে নলবাৰী জিলাৰ ছমাৰকুছি গাঁৱৰ মঞ্জুৱাৰা বেগমে। সোমবাৰে নলবাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এক ঐতিহাসিক ৰায় যোগে মহিলাগৰাকীক হত্যা কৰা অপৰাধত দুগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।

ন্যায় পালে নলবাৰীৰ মঞ্জুৱাৰা বেগমে

উল্লেখ্য যে,১৭ বছৰ পূৰ্বে জিলাখনৰ ছমাৰকুছি গাঁৱৰ জীয়ৰী মঞ্জুৱাৰা বেগমক সামাজিক ভাৱে বিবাহ কৰাই আনিছিল চি আৰ পি এফৰ জোৱান ৰাজু আলীয়ে বিবাহৰ পিছত ৰাজু আলীৰ পৰিয়ালটোৱে নলবাৰী চহৰৰ মালিকুছিত নিগাজিকৈ থাকিবলৈ লৈছিল। মঞ্জুৱাৰা বেগম আৰু ৰাজু আলীৰ আছিল ৬ বছৰীয়া এটি কন্যা সন্তানৰ লগতে ৪ বছৰীয়া এটি পুত্ৰ সন্তান। বিবাহৰ পাছৰ পৰাই ৰাজুৰ পৰিয়ালে মঞ্জুৱাৰাক যৌতুকৰ বাবে প্ৰায়ে অত্যাচাৰ কৰি আহিছিল। মঞ্জুৱাৰাৰ স্বামী ৰাজু আলী কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ সময়তে ২০১০ চনত ৰহস্যজনক ভাৱে গৃহৰ ওচৰতে মঞ্জুৱাৰাৰ মৃতদেহ পুখুৰীৰ পাৰত উদ্ধাৰ হয়। এই মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছিল চাঞ্চল্যৰ। মঞ্জুৱাৰাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি মঞ্জুৱাৰাৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে স্বামী পৰিয়ালৰ বাহন,সা-সম্পত্তি লণ্ড-ভণ্ড কৰাৰ লগতে আৰক্ষীৰ সম্মুখতে স্বামী গৃহৰ চোতালত কবৰস্থ কৰিছিল মহিলাগৰাকীৰ মৃতদেহ। ২০১০ চনত সংঘটিত সংঘটিত এই ঘটনাৰ বাবে সোমবাৰে এক ঐতিহাসিক ৰায় যোগে মহিলাগৰাকীৰ স্বামী ৰাজু আলীক নিৰ্দোষী ঘোষণা কৰাৰ লগতে মঞ্জুৱাৰাৰ ননন্দ হাছিনা বেগম আৰু স্বামীৰ বৌয়েক অঞ্জুৱাৰা বেগমক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হেজাৰ টকাকৈ জৰিমনা বিহে ।

Intro:নলবাৰীৰ এক হৃদয় বিদাৰক ঘটনা*। *দুই কনমানিৰ সম্মুখতে হত্যা কৰিছিল মাতৃক*। *পুনৰ যৌতুক দাবীৰে হত্যা বোৱাৰীক*। *নলবাৰী আদালতৰ গুৰুত্বপুৰ্ণ ৰায় দান*। *হত্যাকাণ্ডৰ অভিযুক্ত দুই মহিলাক যাবজ্বীৱন কাৰাদণ্ড*Body:নলবাৰী জিলা ছেছন ও সত্ৰ ন্যায়াধীশ আদালতে সোমবাৰে এক ঐতিহাসিক ৰায় যোগে নলবাৰী চহৰৰ মালিকুছিৰ এক বোৱাৰী হত্যাকাণ্ডৰ ঘটনাৰ সতে জড়িত থকা দুগৰাকী মহিলাক যাবজ্বীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে । জিলা সত্ৰ ও ছেছন ন্যায়াধীশ শৰ্মিষ্ঠা ভূঞাৰ আদালতে ছেছন আদালতত চলি থকা ১০১/১১ নং গোছৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/২০১ ধাৰা মৰ্মে হাছিনা বেগম আৰু অঞ্জুৱাৰা বেগম নামৰ দুই মহিলাক যাবজ্বীৱন কাৰাদণ্ড সহ ১০ হেজাৰ টকাকৈ জৰিমনা বিহে । অন্যহাতে ২০১ ধাৰামতে উক্ত দুই মহিলাক পুনৰ ৩ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৩ হেজাৰ টকা জৰিমনা বিহে । উল্লেখ্য যে ১৭ বছৰ পূৰ্বে জিলাখনৰ ছমাৰকুছি গাওঁৰ জীয়ৰী মঞ্জুৱাৰা বেগমক সামাজিক ভাবে বিবাহ কৰাই আনিছিল চি আৰ পি এফৰ জোৱান ৰাজু আলীয়ে ।
বিবাহৰ পিছত ৰাজু আলীৰ পৰিয়ালটোৱে নলবাৰী চহৰৰ মালিকুছিত নিগাজিকৈ থাকিবলৈ লৈছিল । দুয়োৰে বৈবাহিক জীৱনৰ সাক্ষী হিচাপে আছিল ৬ বছৰীয়া এগৰাকী কন্যা সন্তান আৰু ৪ বছৰীয়া এগৰাকী পুত্ৰ সন্তান । তেনে সময়তে স্বামী ৰাজুই অন্য এগৰাকী মহিলাৰ প্ৰেমত পৰাৰ অভিযোগ উঠিছিল । আৰু তেনেকৈয়ে ৰাজু আৰু ৰাজুৰ পৰিয়ালটোৱে মঞ্জুৱাৰাৰ মাতৃৰ পৰিয়ালৰ পৰা পুনৰ যৌতুক দাবী কৰি বোৱাৰী গৰাকীক অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছিল । আৰু তেনেকৈয়ে স্বামী ৰাজু অসমৰ বাহিৰত কৰ্তব্যত থকা অৱস্থাতে ৰহস্যজনক ভাবে মঞ্জুৱাৰাৰ মৃতদেহ গৃহৰ ওচৰৰে পুখুৰীত উদ্ধাৰ হোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । মঞ্জুৱাৰাক পৰিকল্পিতভাবে হত্যা কৰাৰ অভিযোগ আনি মহিলা গৰাকীৰ মাতৃ পৰিয়াল আৰু ক্ষুব্ধ ৰাইজে অভিযুক্ত স্বামী পৰিয়ালৰ গাড়ী , সা সম্পত্তি , গৃহ ভাগি চিগি লণ্ডভণ্ড কৰাৰ লগতে আৰক্ষীৰ সম্মুখতে স্বামী গৃহৰ চোতালত মহিলা গৰাকীক কবৰস্থ কৰিছিল । ২০১০ চনত সংঘটিত সেই ঘটনাৰ সোমবাৰে এক ঐতিহাসিক ৰায় যোগে মহিলা গৰাকীৰ স্বামী ৰাজু আলীক নিৰ্দোষী ঘোষণা কৰাৰ লগতে মঞ্জুৱাৰাৰ ননন্দ হাছিনা বেগম আৰু স্বামীৰ বৌয়েক অঞ্জুৱাৰা বেগমক আদালতে যাবজ্বীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে । উল্লেখ্য যে কনমানি কেচুৱা সহ ননন্দ গৰাকী সহ দুই মহিলাক জেললৈ প্ৰেৰণ কৰাৰ কথা ব্যক্ত কৰিছে গুচৰীয়া পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা ধীৰেন্দ্ৰ নাথ বৰ্মনে ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.