ETV Bharat / state

নলবাৰীত প্ৰাক্তন কটনিয়ানৰ বান সাহায্য বিতৰণ

author img

By

Published : Aug 19, 2019, 10:21 AM IST

কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক 1994-96 বৰ্ষৰ শিক্ষাৰ্থীসকলে পশ্চিম নলবাৰীৰ বৰবিলা ৰাজহুৱা মনসা মন্দিৰ প্ৰাংগণত উপস্থিত হৈ প্ৰায় 500 ঘৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰে বান-সাহায্য

Ex Cottonian distributed flood relief

নলবাৰী,19 আগষ্ট: পশ্চিম নলবাৰীৰ বৰবিলাত বান-সাহায্য বিতৰণ কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে ৷ দেওবাৰে বিশ্ববিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক 1994-96 বৰ্ষৰ শিক্ষাৰ্থীসকলে পশ্চিম নলবাৰীৰ বৰবিলা ৰাজহুৱা মনসা মন্দিৰ প্ৰাংগণত উপস্থিত হৈ প্ৰায় 500 ঘৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত বান-সাহায্য বিতৰণ কৰে ৷ স্থানীয় পঞ্চায়ত সভাপতি অমৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বান-সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কটনিয়ান ক্ৰমে অভিনেতা কপিল বৰা,গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰবক্তা ডাঃ স্থাপনা শৰ্মা,ডাঃ মালবিকা বৰ্মনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

Intro:
# নলবাৰীৰ বৰবিলাত বানাক্ৰান্তৰ মাজত বান- সাহায্য বিতৰণ গুৱাহাটী কটন মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ #
Body:

পশ্চিম নলবাৰীৰ বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হ'ল গুৱাহাটী কটন মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী ।পশ্চিম নলবাৰীৰ বৰবিলাত বানাক্ৰান্ত ৰাইজৰ মাজত বান-সাহাৰ্য্য বিতৰণ কৰে কটন মহাবিদ্যালয়ৰ ১৯৯৪-৯৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বৰ্ষৰ শিক্ষাৰ্থী সকলে । বৰবিলা ৰাজহুৱা মনসা মন্দিৰ প্ৰাঙ্গণত প্ৰায় ৫০০ (পাঁচশ) টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰে বান -সাহাৰ্য্য ।

প্ৰলয়ংকাৰী বানত বিধ্বস্ত হৈ পৰে নলবাৰী জিলাৰ বহু কেইখন গাঁও । পশ্চিম নলবাৰীত বুঢ়াদিয়া, মৰাপাগলদিয়া, কানাইখুন্দাৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁও বুৰাই পেলোৱাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত কৰিছিল । বানাক্ৰান্ত লোক সকলক অলপ সহায় কৰিবলৈ দেওবাৰে বানাক্ৰান্ত সকলৰ কাষত থিয় হয় গুৱাহাটী কটন মহাবিদ্যালয়ৰ ১৯৯৪-৯৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বৰ্ষৰ শিক্ষাৰ্থী সকল । পশ্চিম নলবাৰীৰ বানৰ কবলত পৰা বৰবিলা গাৱৰ বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে দেওবাৰে চাউল, দাইল, মিঠাতেল, নিমখ, আটা, গুৰ, চেনী, ফলৰ ৰস, বিস্কুট, চিৰা, বিশুদ্ধ পানী, আদিকে ধৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে আঠুৱা, টৰ্চ লাইট, ফেইনাল, ব্লেচিং পাউদাৰ যোগান ধৰে । স্থানীয় পঞ্চায়ত সভাপতি অমৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বান সাহায্য প্ৰদান অনুষ্ঠানত প্ৰাক্তন কটনিয়ান ক্ৰমে অভিনেতা, আবৃত্তিকাৰ, শিল্পী কপিল বৰা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ প্ৰবক্তা ডা: স্থাপনা শৰ্মা, ডা: মালবিকা বৰ্মন, নিলিময় নাথ, চিন্ময় ফুকন, সুদৰ্শন চাংমাই, ডা: জয়ন্ত শৰ্মা, ৰামানুজ পি বৰা, ডা: চেতান , বিকাশ খাণ্ডেৱাল, প্ৰযেশ দাস, হৃষিকেশ দাস, প্ৰবাল পিযুষ ভাৰ্গৱ, চানিধ্য বৰুৱাই অংশ লোৱাৰ লগতে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া সমিৰ চৌধুৰী, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয় ববীয়া আৰু ৰাইজ উপস্থিত থাকে । অনুষ্ঠান টোৰ আতধৰে অৱসৰী শিক্ষক গোপাল দাসে ।

Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.