ETV Bharat / state

Heavy erosion in Nalbari:পাগলাদিয়াত জাহ যোৱাৰ উপক্ৰম হানাপাৰা গাঁও

নলবাৰীত পাগলাদিয়া নৈৰ খহনীয়াই ভয়াৱহ ৰূপ লৈছে । বৰ্তমানলৈকে পূৱ হানাপাৰাত শতাধিক পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ উপক্ৰম ৷ পাগলাদিয়াত ইতিমধ্য়ে জাহ গৈছে বহুতো পৰিয়ালৰ বাসগৃহ ৷

Erosion of Pagladia river in Nalbari
পাগলাদিয়া নৈৰ খহনীয়াৰ ভয়াৱহ ৰূপ
author img

By

Published : Jun 21, 2023, 3:14 PM IST

পাগলাদিয়া নৈৰ খহনীয়াৰ ভয়াৱহ ৰূপ

নলবাৰী,২১ জুন: এতিয়া ৰাজ্যত চলিছে বানৰ বিভীষিকা ৷ ইতিমধ্য়ে কেইবাখনো জিলাত বানে ভয়াৱহ ৰূপ লৈছে ৷ বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাত শতাধিক গাঁও বানপানীৰ কবলত পৰিছে । নলবাৰী জিলাৰ হানাপাৰা গাঁৱত পাগলাদিয়া নৈৰ ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে । ফেনে ফুটুকাৰে বৃদ্ধি পাইছে পাগলাদিয়া নৈৰ পানী । নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোত ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰিছে । পাগলাদিয়া নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে গাঁওখনৰ এটা বৃহৎ অংশ । ইতিমধ্যে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ খহনীয়াৰ কবলত পৰিছে ।

এই অঞ্চলটোৰ লোকসকলে এতিয়া নিজৰ নিজৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । উল্লেখযোগ্য যে ১০০টা পৰিয়ালে বসবাস কৰা অঞ্চলটোৰ পৰা পাগলাদিয়া নৈ প্ৰায় ২০০ মিটাৰ আঁতৰত আছিল । কিন্তু যোৱা ১৫ জুনৰ পৰা পাগলাদিয়াত হোৱা ভয়ংকৰ খহনীয়াৰ ফলত এতিয়া নৈখন এই লোকসকলৰ বাসগৃহৰ নিচেই ওচৰ পাইছে । বিগত কেইবা বছৰৰ পৰাই অঞ্চলটো পাগলাদিয়া নৈৰ খহনীয়াৰ কবলত পৰি আছে যদিও জলসম্পদ বিভাগে এতিয়ালৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ নৈ-পৰীয়া ৰাইজৰ । কিয়নো প্ৰতি বছৰে বাৰিষা আহিলেই আতমকত দিন পাৰ কৰিবলগীয়া হয় এই অঞ্চলটোৰ লোকসকলে ৷

এইবাৰো জলসম্পদ বিভাগৰ লোকসকল উক্ত স্থানত উপস্থিত হৈছিল যদিও খহনীয়া ৰোধ কৰিবলৈ এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই । অতিশীঘ্ৰে অঞ্চলটোত গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰি এটা বৃহৎ অঞ্চলটো নৈৰ বুকুত বিলিন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ তথা জলসম্পদ বিভাগক আহ্বান জনাই অঞ্চলটোৰ ৰাইজে ।

ইপিনে, জিলাখনৰ উত্তৰ অংশৰ মৈৰাদাঙা-গৰেমাৰা অঞ্চলতো ভয়াৱহ খহনীয়া অব্যাহত আছে ৷ এই অঞ্চলটোৰ সমীপেৰে বৈ যোৱা পাগলাদিয়াৰ বুকুত ইতিমধ্য়ে জাহ গৈছে বহুতো পৰিয়ালৰ বাসগৃহ ৷

লগতে পঢ়ক:Sexual harassment case in Majuli : সত্ৰৰ প্ৰাক্তন বৈষ্ণৱৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, প’চকো আইনৰ অধীনত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.