ETV Bharat / state

নিৰ্বাচনৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন

author img

By

Published : Feb 27, 2021, 9:54 PM IST

নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ 59 নং নলবাৰী বিধানসভা সমষ্টিত 1 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ইয়াৰ বিপৰীতে ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু ৬১ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ জিলাখনত মুঠ ৭৬৬ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব ৷ ইয়াৰে নলবাৰী সমষ্টিত ২৯৫ টা প'লিং ষ্টেচন, বৰক্ষেত্ৰী সমষ্টিত ২৭৪ টা প'লিং ষ্টেচন আৰু ধৰ্মপুৰত ১৯৭ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

election-pressmeet-at-nalbari
নিৰ্বাচনৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন

নলবাৰী,27 ফেব্ৰুৱাৰী: নিৰ্বাচন আয়োগে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমতো আৰম্ভ হ'ল নিৰ্বাচনী ৰণদন্দুভি ৷ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নলবাৰী জিলাত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত নলবাৰী জিলা উপায়ুক্ত পুৰবী কোঁৱৰে শনিবাৰে সম্বোধন কৰে এখন সংবাদমেল ৷ সংবাদমেলত জিলা উপায়ুক্ত পুৰবী কোঁৱৰে জানিবলৈ দিয়ে যে, নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ 59 নং নলবাৰী বিধানসভা সমষ্টিত 1 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ইয়াৰ বিপৰীতে ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু ৬১ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া সূচাৰুৰূপে চলাই নিবলৈ জিলাখনত প্ৰস্তুতি তুংগত তোলাৰ কথাও সংবাদমেলত সদৰি কৰে জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত পুৰবী কোঁৱৰে ।

নলবাৰী জিলা প্ৰশাসনে জিলাখনত নিৰ্বাচনী কাম কাজ আগবঢ়াই নিয়াৰ কথা সদৰি কৰি জিলা উপায়ুক্ত পুৰবী কোঁৱৰে কয় , জিলাখনত মুঠ ৭৬৬ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব ৷ ইয়াৰে নলবাৰী সমষ্টিত ২৯৫ টা প'লিং ষ্টেচন , বৰক্ষেত্ৰী সমষ্টিত ২৭৪ টা প'লিং ষ্টেচন আৰু ধৰ্মপুৰত ১৯৭ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ২৭০ গৰাকী ডি ভোটাৰ থকা জিলাখনৰ নলবাৰী সমষ্টিৰ তিনিপুখুৰী ভোটগ্ৰহণ কেন্দ্ৰ আৰু নমাতি এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰক অতি স্পৰ্শকাতৰ আৰু ধৰ্মপুৰৰ চাপ্লেকুছি এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰাৰ বিপৰীতে তিনিওটা সমষ্টিত ৫৬ টা স্পৰ্শকাতৰ কেন্দ্ৰ থকা বুলিও সংবাদমেলত সদৰি কৰে জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে ।

এই ভোটগ্ৰহণৰ প্ৰাক মূহুৰ্তত দ্বিতীয় পৰ্যায়ত নলবাৰী সমষ্টিত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰাৰ বিপৰীতে ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী সমষ্টিত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ১৯ মাৰ্চ । সেই মৰ্মে মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীৰ সৈতে মাত্ৰ দুজন লোককহে বিভাগীয়ভাৱে প্ৰবেশত অনুমতি প্ৰদান কৰিছে । এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত সকলোৰে সহযোগিতা কামনা কৰিছে জিলা উপায়ুক্ত পুৰবী কোঁৱৰ আৰু নিৰ্বাচনী বিষয়া প্ৰাঞ্জল বৰুৱাই ।

আনহাতে,জিলাখনত সৰ্বমুঠ ৫ লাখ ৩৮ হেজাৰ ৯৪৩ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষৰ সংখ্যা ২ লাখ ৭৮ হেজাৰ ৮৩৯ গৰাকীৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ২ লাখ ৬০ হেজাৰ ১০৪ গৰাকী । ইয়াৰে নলবাৰী সমষ্টিত ২ লাখ ৩ হেজাৰ ৬৭৭ গৰাকী ভোটাৰ থকাৰ বিপৰীতে বৰক্ষেত্ৰী সমষ্টিত আছে ১ লাখ ৯৪ হেজাৰ ৭৭৯ গৰাকী আৰু ধৰ্মপুৰ সমষ্টিত ১ লাখ ৪০ হেজাৰ ৪৮৭ গৰাকী ভোটাৰ । উল্লেখ্য যে, সংবাদমেলত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰানী ৰাজবংশী আৰু নলবাৰীৰ সাংবাদিক সকলো উপস্থিত থাকে ।

লগতে পঢ়কঃ অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ চেষ্টা চলাম : তেজস্বী যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.