ETV Bharat / state

দীপাৱলী উপলক্ষে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত নলবাৰীৰ মৃৎ শিল্পী - Diwali lights

সমাগত পোহৰৰ উৎসৱ দীপাৱলী । মাটিৰ চাকিৰ পোহৰেৰে আলোকিত হ'ব চৌদিশ । দীপাৱলীৰ প্ৰাকমূহুৰ্তত ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ । নলবাৰীৰ বৰ চৰিয়াতো ব্যস্ততাপূৰ্ণ পৰিৱেশ । হাজাৰ হাজাৰ চাকি প্ৰস্তুত কৰিছে মৃৎ শিল্পীসকলে ।

Earthen lamp making for diwali in Nalbari
দীপাৱলী উপলক্ষে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত নলবাৰীৰ মৃৎ শিল্পী
author img

By

Published : Nov 1, 2021, 6:23 PM IST

নলবাৰী, ১ নৱেম্বৰ : দীপাৱলীৰ সময়ত বজাৰৰ জাকজকমীয়া লাইটেৰে বাসগৃহ সজাই তুলিলেও মাটি চাকিৰ অবিহনে যেন সকলো আধৰুৱা । সেয়ে, এতিয়াও সমাদৰ লাভ কৰে মাটি চাকিয়ে । বিগত বৰ্ষত কৰ'ণা মহামাৰী, লকডাউনৰ বাবে ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ পাচত এতিয়া পুনৰ মনত আশা লৈ ন উদ্যমেৰে মাটিৰ চাকি প্ৰস্তুত কৰিছে মৃৎ শিল্পীসকলে । ব্যতিক্ৰম নহয় নলবাৰীৰ বৰ চৰিয়া গাঁৱৰ মৃৎ শিল্পীসকলো ।

দীপাৱলী উপলক্ষে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত নলবাৰীৰ মৃৎ শিল্পী

গাঁওখনৰ ঘৰে ঘৰে এতিয়া ব্যস্ততাপূৰ্ণ পৰিৱেশ । মাটি চাকিৰ লগতে, মৃৎ শিল্পীসকলে মাটিৰে আন বহুতো সামগ্ৰী প্ৰস্তুত কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয় এই মাটিৰ চাকিসমূহ । বিগত সময়ত ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে এই মৃৎ শিল্পীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল যদিও সম্প্ৰতি চৰকাৰে কিছু শিথিলতা অনাৰ বাবে এইসকল শিল্পীয়ে কিছু সকাহ পাইছে ।

চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈছে এই থলুৱা শিল্পী সকল । গাঁওখনৰ প্ৰতিখন গৃহত প্ৰায় ১৫ হাজাৰ চাকি প্ৰস্তুত কৰা হৈছে ।

কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে এই মৃৎ শিল্পীসকলে দুৰ্দশাত ভুগিবলগীয়া হৈছে । শিল্পীসকলে অভিযোগ উত্থাপন কৰা মতে, তেওঁলোকে চৰকাৰীভাৱে কোনো সাহায্য লাভ কৰা নাই । আনকি চৰকাৰী বাসগৃহ এটাও তেওঁলোকৰ নামত আৱণ্টিত হোৱা নাই । কেৱল এয়াই নহয়, এই শিল্পীসকলে প্ৰস্তুত কৰা মাটিৰ বাচন-বৰ্তনবোৰ থ'বলৈয়ো নাই উপযুক্ত ঘৰ ।

সেয়ে, য'তে ত'তে পৰি ৰয় সামগ্ৰীসমূহ । বৰষুণ আহিলেই মাটিৰ সামগ্ৰীবোৰ নষ্ট হৈ যায় । শিল্পীসকলে বিভাগীয় কাৰ্যালয়লৈ বাৰে বাৰে গৈও আজি পৰ্যন্ত মাটিৰ সামগ্ৰী প্ৰস্তুত কৰা এখন চাক লাভ কৰা নাই । সেয়েহে, একোখনকৈ চাক যোগান ধৰিবলৈ আহ্বান জনাইছে মৃৎ শিল্পীসকলে ।

লগতে পঢ়ক : আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হাতী চাফাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.