ETV Bharat / state

Bilbeswara Devalaya:শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি বিল্বেশ্বৰ দেৱালয়ত - Durga Puja in Assam

সমাগত শাৰদীয় দুৰ্গোৎসৱ । ৰাজ্যৰ প্ৰসিদ্ধ দেৱালয় সমুহত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি । নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়তো চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি । নৱমীত ৫৬ টাকৈ মহ বলিৰ বাবে আগবঢ়াইছে ভক্তই । ৪৫ লাখ টকা বাজেট নিৰ্ধাৰণ কৰিছে উদ্যোক্তাই ।

Durga Puja 2023 in Nalbari
বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 4:30 PM IST

বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা

নলবাৰী, ৯ অক্টোবৰ: ৰজা নাগাক্ষৰ দিনতে স্থাপিত নলবাৰীৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱায়লত চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ৷ শক্তিপীঠ মা কামাখ্যাৰ পিছতে দুশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা নলবাৰীৰ এইখন দেৱালয়ত প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈ ন দিনীয়াকৈ চলি আহিছে দুৰ্গা দেৱীৰ পূজা অৰ্চনা ৷ নৱৰাত্ৰিৰ ভিতৰতেই নলবাৰীৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত দেৱীক নটা ৰূপত কৰা হয় পূজা অৰ্চনা ৷

সম্পূৰ্ণ বৈদিক প্ৰথাৰে নলবাৰীৰ বেলশৰস্থিত এইখন বিল্বেশ্বৰ দেৱালয়ত চলি আহিছে পূজা অৰ্চনা ৷ মৃন্ময় মূৰ্তিৰ পৰিবৰ্তে ৰাম কলগছক দেৱী সজাই কৰা হয় পূজা অৰ্চনা । আনহাতে, নৱমীৰ দিনা বিল্বেশ্বৰত ৰজা নাগাক্ষৰ দিনৰে পৰা চলি আহিছে মহাআয়োজন । উল্লেখযোগ্য যে অতি প্ৰাচীন এই বিল্বেশ্বৰ দেৱালয়ৰ চৌহদতে থকা দেৱান পুখুৰীটোৱেও সৌন্দৰ্য বহন কৰি আহিছে ৷ নামনি অসমৰ অন্যতম শৈৱ শক্তিপীঠ হিচাপে চিহ্নিত এইখন বিল্বেশ্বৰ দেৱালয়ত চলে বলি বিধান ৷ দেৱী দুৰ্গাক সন্তুষ্ট কৰিবলৈ নৱমী পূজাত বিশেষকৈ দেৱী চৰণত বলি আগবঢ়ায় । ইয়াৰ ভিতৰত মহ , ছাগলী,হাঁহ,কোমোৰাকে ধৰি প্ৰতিটো বলিৰ বস্তুৱে আগবঢ়াই ভক্তই ৷ বিশেষকৈ নৱমী পুজাত বিল্বেশ্বৰত চলে ম’হ বলি ৷

ভক্তই মনোবাঞ্ছা পূৰণ হোৱাৰ মানসৰে দেৱী চৰণত বছৰ বছৰ ধৰি আগবঢ়াই অহা ম'হ বলি প্ৰথা আজিও চলি আছে এইখন শৈৱ শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত । ইতিমধ্যে নৱমীৰ দিনা বলিৰ বাবে বৰ্তমানলৈ ৫৬ টাকৈ ম'হ আগবঢ়াইছে ভক্তসকলে । পূজাৰ দিনলৈকে মহৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা । হিন্দু মুছলমানৰ ঐতিহ্য বহন কৰা এইখন দেৱালয়ত অতি প্ৰাচীন কালৰে পৰা আধ্যাত্মিক ধৰণে পূজা অৰ্চনা চলাই অহাৰ সমান্তৰালকৈ এইবেলি দূৰ্গা পূজাত প্ৰায় ৪৫ লাখ টকা বাজেট নিৰ্ধাৰণ কৰিছে উদ্যোক্তাসকলে ।

আনহাতে, ভক্তসকলৰ সুৰক্ষাৰ দিশতো গুৰুত্ব প্ৰদান কৰি আহিছে উদ্যোক্তাসকলে । ইফালে, এইবেলি বিল্বেশ্বৰৰ দুৰ্গা পূজাত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ৰাইজৰ বাবে আশীস লোৱাৰ সম্ভাৱনা ।

লগতে পঢ়ক:Khulia Bhauriya Samaroh :মঙলদৈত খুলীয়া ভাউৰীয়া সমাৰোহত ১৪ টা দলৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.