ETV Bharat / state

Accidents in Nalbari : নলবাৰীৰ ৰাজপথত ড্ৰাগছ সৰবৰাহকাৰীৰ উদ্ভণ্ডালি

author img

By

Published : Apr 17, 2023, 6:53 PM IST

নলবাৰীৰ ৰাজপথত ড্ৰাগছ সৰবৰাহকাৰীৰ তাণ্ডৱ । ড্ৰাগছ সৰবৰাহ কৰা এখন বিলাসী বাহনেৰে মহতিয়াই নিলে এখন দোকানৰ লগতে কেইবাখনো বাহন (Drug peddler causing accidents in Nalbari)৷ উক্ত বাহনখনৰ পৰা জব্দ কৰা হৈছে নিচাজাতীয় টেবলেট ।

Nalbari police detain drug peddler
নলবাৰীৰ ৰাজপথত ড্ৰাগছ সৰবৰাহকাৰীৰ তাণ্ডৱ

নলবাৰী, ১৭ এপ্ৰিল : ড্ৰাগছ আৰু অবৈধ নিচাজাতীয় সামগ্ৰীয়ে ক্ৰমাৎ ধ্বংসৰ মুখলৈ ঠেলি দিছে ৰাজ্যৰ ড্ৰাগছ সেৱনকাৰীসকলক । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ নহওক কিয় একাংশ ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীয়ে তাৰ মাজেৰেই চলাই গৈছে বেহা । এইবাৰ ৰাজপথত তাণ্ডৱ চলালে ড্ৰাগছ সৰবৰাহকাৰীয়ে । সোমাবাৰে নলবাৰীৰ হাজো-দৌলাশালৰ ব্যস্ত ৰাজপথত তাণ্ডৱ চলাই ত্ৰাসৰ সৃষ্টি কৰে এটা ড্ৰাগছ সৰবৰাকাৰীয়ে (Drug peddler causing accidents in Nalbari)।

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, এখন চাৰি চকীয়া বাহনে প্ৰথমে পদপথৰ ওপৰত থকা এখন দোকান মহতিয়াই লৈ যায় ৷ ফলত পদপথৰ দোকানখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে ৷ তাৰ পিচতে ইখনৰ পিচত সিখন বাহনত খুন্দিয়াই তাণ্ডৱৰ সৃষ্টি কৰে ড্ৰাগছ সৰবৰাহ কৰা চাৰি চকীয়া বাহনখনে ৷

লগতে কেইবাখনো বাহনক মহতিয়াই লৈ যায় উক্ত বাহনখনে । নলবাৰীৰ হাজো-দৌলাশালৰ ব্যস্ত ৰাজপথত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ দুৰ্ঘটনা সংঘটিত কৰি উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ লয় গাড়ী চাকলজনে ৷ কিন্তু আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে তৎপৰতাৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৰাজপথত তাণ্ডৱ চলোৱা বাহনখনৰ চালকজনক (Nalbari police detain drug peddler) ৷ লগতে আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো ৷

তাৰ পাচতে আৰক্ষীয়ে জব্দকৃত বাহনখনত চলাই চালাচী অভিযান ৷ আৰক্ষীৰ তালাচীত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় 144 টাকৈ নিচাযুক্ত টেবলেট । ৰাজপথত তাণ্ডৱ চলোৱা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চাদ্দাম আলী বুলি জানিব পৰা গৈছে । ধৃত ছাদ্দামৰ ঘৰ জিলাখনৰ শনিৰোডত ৷ আনহাতে, জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS01BQ9428 ৷

তথ্য অনুসৰি, এই দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ৷ ইফালে দিন দুপৰতে চাৰি চকীয়া বাহন লৈ ৰাজপথত ড্ৰাগছ সৰবৰাহকাৰীয়ে চলোৱা তাণ্ডৱক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় লোক । সেয়ে ড্ৰাগছ তথা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ’বলৈ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : Fake currency seized: বান্দিলে বান্দিলে জালনোটসহ জালত পৰিল অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.