ETV Bharat / state

নলবাৰী বৰভাগত নাট্য উৎসৱৰ আয়োজন - ৰসৰাজ লক্ষীনাথ বেজবৰুৱা

নলবাৰীত নাট উৎসৱৰ আয়োজন ৷ কালাগ দৌল মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা নাট্য উৎসৱত চামতাৰ উত্তৰণ গোষ্ঠী আৰু নাট্য প্ৰয়াস বৰভাগৰ শিল্পী সকলে নাট প্ৰদৰ্শন কৰে ৷

drama-festival-organised-in-nalbari
নলবাৰী বৰভাগত নাট্য উৎসৱৰ আয়োজন
author img

By

Published : Jan 20, 2021, 8:52 PM IST

Updated : Jan 20, 2021, 10:08 PM IST

নলবাৰী, 20 জানুৱাৰী : নাট্যপ্ৰয়াস কালচাৰেল অৰগেনাইজেচন উদ্যোগত প্ৰথম বাৰ্ষিক নাট্য উৎসৱৰ আয়োজন । কালাগ দৌল মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা নাট্য উৎসৱত চামতাৰ উত্তৰণ গোষ্ঠী আৰু নাট্য প্ৰয়াস বৰভাগৰ শিল্পী সকলে নাট প্ৰদৰ্শন কৰে ৷

বৰভাগৰ বলিষ্ঠ অভিনেতা পৰেশ শৰ্মা আৰু অভিনেতা তথা প্ৰযোজক সুভাৱ তালুদাৰে বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা নাট্য উৎসৱৰ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী লক্ষী কলিতাই । ৰসৰাজ লক্ষীনাথ বেজবৰুৱাদেৱৰ গল্পৰ আধাৰত কুলদ্বীপ তালুকদাৰ নাট্যৰূপ আৰু পৰিচলনাৰে 'সৰৱজান' মঞ্চস্থ কৰে ।

নলবাৰী বৰভাগত নাট্য উৎসৱৰ আয়োজন

ইফালে, কৰেন বেজবৰুৱা পৰিচালনাৰে আৰু হীৰক বৰুৱা নাট্যৰূপত 'তীখৰ আৰু চুটীবাই' নামৰ দুখনকৈ নাট প্ৰদৰ্শন কৰে । দুয়োখন নাটকতে শিশু সকলে সুন্দৰ অভিনয়ৰে দৰ্শকৰ মন জয় কৰিৱলৈ সক্ষম হৈছে । সেই অঞ্চলৰ কেইবা শতাধিক লোকে নাট উপভোগ কৰাৰ লগতে এনে সুন্দৰ প্ৰদক্ষেপৰ বাবে উদ্যোক্তা সকলক প্ৰশংসা কৰে ।

লগতে পঢ়ক : গোলাঘাটত নিজ প্ৰাপ্যৰ দাবীত আশাকৰ্মীৰ প্ৰতিবাদ

Last Updated : Jan 20, 2021, 10:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.