ETV Bharat / state

ডা৹ মৃগাংক তালুকদাৰ নলবাৰী জিলা বিজেপিৰ নতুন সভাপতি

author img

By

Published : Dec 1, 2019, 8:27 PM IST

বিজেপিৰ দলীয় নিৰ্বাচনী সভাত নলবাৰী জিলা বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত চিকিৎসক ডা৹ মৃগাংক তালুকদাৰ ৷ নৱনিৰ্বাচিত সভাপতি গৰাকীক উষ্ম আদৰণি বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ৷

Dr. Mriganka Talukdar apointed as a new Nalbari BJP president
নলবাৰী জিলা বিজেপিৰ নতুন সভাপতি পদত ডা৹ মৃগাংক তালুকদাৰ

নলবাৰী, 1 ডিচেম্বৰঃ চিকিৎসক ডা৹ মৃগাংক তালুকদাৰ নলবাৰী জিলা বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত ৷ নলবাৰী আৱৰ্ত ভৱনত অনুষ্ঠিত বিজেপিৰ দলীয় নিৰ্বাচনী সভাত ডা৹ তালুকদাৰক নৱনিৰ্বাচিত সভাপতি হিচাপে ঘোষণা কৰে বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ ৰিটাৰ্ণিং বিষয়া প্ৰাণ কৃষ্ণ দাস আৰু প্ৰভাৰী বিজুলী কলিতা মেধিয়ে ৷ নলবাৰী জিলা বিজেপিৰ নতুন সভাপতি হিচাপে ডাঃ মৃগাংক তালুকদাৰৰ নাম ঘোষণা কৰাৰ লগে লগে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলে হৰ্ষোল্লাসেৰে তেওঁক আদৰণি জনায় ৷

নলবাৰী জিলা বিজেপিৰ নতুন সভাপতি পদত ডা৹ মৃগাংক তালুকদাৰ

উক্ত সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে নলবাৰীৰ বিধায়ক অশোক শৰ্মাও উপস্থিত থাকি নৱনিৰ্বাচিত সভাপতি গৰাকীক উষ্ম আদৰণি জনায় ৷ নৱনিৰ্বাচিত ডা৹ মৃগাংক তালুকদাৰে নতুন সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি দলীয় নীতি-আদৰ্শক আগস্থান দি কামত আগবাঢ়ি যাব বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বনদীপ ডেকা নলবাৰী জিলা বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷

আৰু পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত জননেতা ভীমবৰ দেউৰীক স্মৰণ

Intro:ডাঃ মৃগাংক তালুকদাৰ নলবাৰী জিলা বিজেপিৰ সভাপতি নিৰ্বাচিত
Body:সু চিকিৎসক ডাঃ মৃগাংক তালুকদাৰ নলবাৰী জিলা বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে।আজি নলবাৰী আৱৰ্ত ভৱনত হোৱা দলীয় নিৰ্বাচনী সভাত বিজেপি দলে ডাঃ তালুকদাৰক নৱনিৰ্বাচিত সভাপতি হিচাপে ঘোষণা কৰে।জানিব পৰা মতে জিলা সভাপতিৰ প্ৰাৰ্থীৰ পেনেলত ডাঃ তালুকদাৰকে একমাত্ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে।আজি বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ ৰিটাৰ্ণিং বিষয়া প্ৰাণ কৃষ্ণ দাস আৰু প্ৰভাৰী বিজুলী কলিতা মেধিয়ে নলবাৰী জিলা বিজেপিৰ সভাপতি হিচাপে ডাঃ মৃগাংক তালুকদাৰৰ নাম ঘোষণা কৰাৰ লগে লগে জিলা বিজেপিৰ কাৰ্যকৰ্তা সকলে হৰ্ষল্লাসেৰে আদৰণি জনায়।এই সভাত অসম পৰ্যটন উন্নীতন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,নলবাৰীৰ বিধায়ক অশোক শৰ্মাও উপস্থিত থাকি নৱনিৰ্বাচিত সভাপতি গৰাকীক উষ্ম আদৰণি জনায়।প্ৰত্যুত্তৰত নৱনিৰ্বাচিত সভাপতি ডাঃ মৃগাংক তালুকদাৰে কয়-মই বিজেপিৰ পতাকাৰ তলত থাকি দলীয় নীতি আৰু আদৰ্শক প্ৰথমে আগস্থান দি কাম কাজত আগবাঢ়ি যাম।লগতে দলীয় কাৰ্য্কর্তাসকলৰ লগত মিলি জিলাখনৰ সামগ্ৰিক উন্নয়নৰ কামত জড়িত হম।ইফালে বিজেপি দল আৰু চৰকাৰে লোৱা জনকল্যাণমুখী কাম আৰু আঁচনি সমূহ জিলাখনত ৰূপায়ণৰ বাবেও আগবাঢ়ি যাব বুলি ডাঃ তালুকদাৰে জানিব দিয়ে।উল্লেখযোগ্য ইয়াৰ পূৰ্বে বনদীপ ডেকা জিলা বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.