ETV Bharat / state

হাৰিয়ানাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সেৱাত ব্ৰতী অসমৰ চিকিৎসক - আক্ৰান্ত

প্ৰত্যেক গৰাকী চিকিৎসক তথা চিকিৎসা কৰ্মীৰ দৰে নিজৰ জীৱনৰ কথা অলপো চিন্তা নকৰি নিজৰ কৰ্তব্য পালন কৰি গৈ আছে ডাঃ(মেজৰ) দীপম কুমাৰ বৰ্মনে ৷ইয়াৰ লগতে চিকিৎসা সেৱাত বৰ্তি হৈ থকাৰ বাবেই প্ৰায় এমাহ ধৰি পৰিয়ালৰ সৈতে হোৱা নাই কোনো দেখা-দেখি৷

Assam's doctor  treatments to corona patients at hariyana
হাৰিয়ানাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সেৱাত অসমৰ চিকিৎসক
author img

By

Published : May 16, 2020, 5:19 PM IST

Updated : May 17, 2020, 12:49 PM IST

নলবাৰী,16মে'ঃ সমগ্ৰ বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছৰ বিভীষিকাময় পৰিবেশ।আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে লক্ষাধিক লোক।ইয়াৰ উপৰি মহামাৰী এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তি সকলক আৰোগ্য কৰি তোলাৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অহৰ্নিশে নিয়োজিত হৈ আছে চিকিৎসক তথা চিকিৎসা কৰ্মীসকল। এনে এক জটিল পৰিৱেশৰ মাজতে বহিঃৰাজ্যত দিন ৰাতি এক কৰি চিকিৎসা সেৱা তথা মানৱ সেৱাত ব্ৰতী হৈ আছে এগৰাকী অসম সন্তান ৷তেওঁ হৈছে নলবাৰী জিলাৰ খাৰজাৰা গাঁও নিবাসী অচ্যুত চন্দ্ৰ বৰ্মন আৰু স্নেহলতা বৰ্মনৰ পুত্ৰ ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সেনা বিষয়া তথা চিকিৎসক ডাঃ(মেজৰ)দীপম কুমাৰ বৰ্মন ৷বৰ্তমান নতুন দিল্লীৰ নিবাসী ডাঃ(মেজৰ) দীপম কুমাৰ বৰ্মন হাৰিয়ানাৰ মেডিঅ’ৰ হাস্পতাল মানেচৰ গুৰুগ্ৰামত কৰ্মৰত আৰু সেই হাস্পতালতে দিনে নিশাই কৰ'ণাত আক্ৰান্ত ৰোগী সকলৰ শুশ্ৰুষা কৰাত ব্যস্ত চিকিৎসক গৰাকী।প্ৰত্যেক গৰাকী চিকিৎসক তথা চিকিৎসা কৰ্মীৰ দৰে নিজৰ জীৱনৰ কথা অলপো চিন্তা নকৰি নিজৰ কৰ্তব্য পালন কৰি গৈ আছে ডাঃ(মেজৰ) দীপম কুমাৰ বৰ্মনে ৷ইয়াৰ লগতে চিকিৎসা সেৱাত বৰ্তি হৈ থকাৰ বাবেই প্ৰায় এমাহ ধৰি পৰিয়ালৰ সৈতে হোৱা নাই কোনো দেখা-দেখি৷ ইপিনে ব'হাগ বিহুৰ সময়ত চিকিৎসক গৰাকী নলবাৰীৰ নিজ গৃহলৈ অহাৰ কথা আছিল যদিও কৰ'ণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ বাবে ঘৰলৈ অহাতো বাতিল কৰিব লগীয়া হয় বুলি পৰিয়ালৰ লোকে সাংবাদিকক জানিবলৈ দিয়ে ৷ আনহাতে, কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি থকা চিকিৎসক গৰাকীৰ কৰ্মক লৈ এতিয়া গৌৰৱান্বিত সমগ্ৰ নলবাৰী বাসী৷এগৰাকী অসম সন্তানৰ এনে মহান কৰ্মক প্ৰশংসাৰে উপচাই পেলাইছে নলবাৰীৰ ৰাইজে ৷

হাৰিয়ানাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সেৱাত ব্ৰতী অসমৰ চিকিৎসক

লগতে পঢ়কঃকৰ'ণা সংকটৰ সময়ত 1.31 লাখ শিশুক খাদ্য দিছে এছিয়াৰ সৰ্ববৃহৎ পাকঘৰে

Last Updated : May 17, 2020, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.