ETV Bharat / state

ব্যস্ততা বাঢ়িছে মুকালমুৱাৰ মৃৎ শিল্পীসকলৰ

author img

By

Published : Nov 12, 2020, 7:57 PM IST

সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ ৷ দিনে-নিশাই ব্যস্ত হৈ পৰিছে মাটিৰ চাকিৰ নিৰ্মাণ কাৰ্যত ৷

Diwali preparation among terracotta artist nalbari assam etv bharat news
ব্যস্ততা বাঢ়িছে মুকালমুৱাৰ মৃৎ শিল্পীসকলৰ

নলবাৰী,12 নৱেম্বৰ: নলবাৰী জিলাৰ মুকালমুৱাৰ দৰঙীপাৰা গাঁৱৰ মৃৎ শিল্পীসকল এতিয়া ব্যস্ত মাটিৰ চাকি নিৰ্মাণ কাৰ্যত ৷ দৰঙীপাৰাৰ হীৰা চুবুৰীৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে যুগ যুগ ধৰি মাটিৰ চাকি আৰু বাচন নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি আহিছে ৷ বিলুপ্ত হ’বলৈ ধৰা থলুৱা সামগ্ৰী সমূহ সমাজত জীয়াই ৰখাৰ চেষ্টা এনেদৰে অব্যাহত ৰাখিছে শিল্পীসকলে ৷

কিন্তু এইবেলি পূৰ্বতকৈ বিক্ৰী যথেষ্ট কম হোৱাত হতাশাত ভূগিছে মৃৎ শিল্পীসকলৰ পৰিয়াল ৷ কৰ’ণা মহামাৰীৰ কাৰণে দেশত বলৱৎ হোৱা লক ডাউনৰ ফলত এই লোকসকলৰ ব্যৱসায়লৈ নামি আহিছে ঘোৰ অমানিশা ৷ তৎসত্বেও দেৱালীৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালসমূহে সাজি উলিয়াইছে মাটিৰ চাকিসমূহ ৷

লগতে চাওকঃ বিটিচিত উৰিব বিজেপিৰ বিজয়ধ্বজা: ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.