নলবাৰী, 6 ছেপ্তেম্বৰ : ব্যক্তিগত চেম্বাৰ খুলি চিকিৎসাৰ নামত ব্যবসায় চলাই অহা চিকিৎসক সকলৰ বিৰুদ্ধে অধিক সৰৱ হৈছে নলবাৰী প্ৰশাসন ৷ শনিবাৰে নলবাৰী প্ৰশাসনে অভিযান চলাই ছীল কৰিলে ৰাকেশ জৈন নামৰ চিকিৎসক এগৰাকীৰ ব্যক্তিগত চেম্বাৰ ৷
অভিযোগ অনুসৰি, ৰাকেশ জৈন নামৰ চিকিৎসক গৰাকীৰ ভুল চিকিৎসাৰ বলী হৈ জিলাখনৰ এগৰাকী শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ যাৰবাবে নলবাৰীৰ শংকৰপুৰৰ অনিল চন্দ্ৰ ৰায় নামৰ লোক এজনে ডাঃ ৰাকেশ জৈনৰ লগতে তেখেতৰ ব্যক্তিগত চেম্বাৰখনৰ বিৰুদ্ধে নলবাৰী থানাত দাখিল কৰিছিল এক অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে নলবাৰী জিলা প্ৰশাসনে চিকিৎসক গৰাকীৰ চেম্বাৰখন কৰিলে ছীল ৷
জানিব পৰা মতে, ব্যক্তিগতভাবে চেম্বাৰ খুলি চিকিৎসা চলাই অহা চিকিৎসক ৰাকেশ জৈন জিলাখনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কৰ্মৰত ৷ যাৰবাবে জিলা উপায়ুক্তৰ নিৰ্দেশত নলবাৰী ৰাজহ চক্ৰ বিষয়া বনশ্ৰী ডেকাই ততাতৈয়াকৈ ছীল কৰিলে ব্যক্তিগত চেম্বাৰখন ৷
লগতে পঢ়ক : আঞ্চলিকতাবাদৰ ভেটি টনকিয়ালৰ কৰাৰ লক্ষ্যৰে দৰঙত অজিত কুমাৰ ভূঞা