নলবাৰী, ৯ মে': অসমৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি প্ৰাদুৰ্ভাৱ হোৱা আফ্ৰিকান গাহৰি জ্বৰ নলবাৰী জিলাত যাতে নিবিয়পে তাৰ বাবে নলবাৰী জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পত্ৰমৰ্মে গাহৰি জ্বৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ নলবাৰী জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ বৰাৰ এক নিৰ্দেশনাৰ অধীনত জিলাখনত গাহৰিৰ মাংস বিক্ৰী আৰু গাহৰিৰ চলন ফুৰণত ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা জাৰি কৰে ।
এই ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ নলবাৰী জিলাতে তৎকালীনভাৱে বলবৎ হোৱাকৈ জাৰি কৰা নিষেধাজ্ঞা অনুসৰি কোনোলোকে গাহৰিৰ মাংস বা গাহৰিৰ মাংসৰ দ্বাৰা প্ৰস্তুত কৰা অন্যান্য খাদ্য বস্তু ক্ৰয়-বিক্ৰয় নিষিদ্ধ কৰা হৈছে ।গাহৰি আৰু গাহৰিৰ মাংসৰ আন্তজিলা সৰবৰাহো নিষিদ্ধ কৰা হৈছে ।
এখন ঠাইৰ গাহৰি আন এখন চুবুৰীয়া ঠাইৰ গাহৰিৰ লগত লগ কৰাটোও নিষিদ্ধ কৰা হৈছে । তদুপৰি মৃত গাহৰি মুকলি ঠাইত পেলাই দিয়া আৰু নদীত দলিয়াই পেলোৱাটোও নিষিদ্ধ কৰা হৈছে । গাহৰিৰ মৃত্যু হ'লে দ' গাত খান্দি নিৰাপদভাৱে পুটি থবলৈ অনুৰোধ জনোৱা হৈছে নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা । অন্যথা ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে ।