ETV Bharat / state

নলবাৰীত চিআৰপিএফৰ ১৩৬ নং বেটেলিয়নৰ উদ্যোগত পানী ফিল্টাৰ বিতৰণ - কামানডেন্ট পিচি চৌহান

শনিবাৰে নলবাৰী জিলাৰ 10খনকৈ বিদ্যালয়ত বিতৰণ কৰা হয় পানী ফিল্টাৰ আৰু মান পত্ৰ ৷ চিআৰপিএফৰ ১৩৬ নং বেটেলিয়নে বিতৰণ কৰে পানী ফিল্টাৰ আৰু মান পত্ৰ ৷ চিআৰপিএফৰ ১৩৬নং বেটেলিয়নৰ পি চি চৌহানে বিতৰণ কৰে এই সামগ্ৰী ৷

distribution-of-water-filter-of-battalion-136-crpf-force-at-nalbari
নলবাৰীত ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীৰ পানী ফিল্টাৰ বিতৰণ
author img

By

Published : Dec 26, 2020, 10:27 PM IST

নলবাৰী,26ডিচেম্বৰ: কেৱল ভাৰতবৰ্ষৰে নহয় বৰ্তমান এচিয়াৰ ভিতৰত সৰ্ববৃহৎ অৰ্ধ সৈনিক বাহিনী কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলে ভাৰতৰ লগতে বিভিন্ন বিভিন্ন দেশকে ধৰি শত্ৰু দেশকো উদ্ধাৰ কৰাৰ লগতে সমাজ বিৰোধী কাৰ্য ৰোধ কৰা তথা সামাজিক কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হয় । এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নলবাৰী জিলাৰ সৰিয়হতলীস্থিত চিআৰপিএফৰ ১৩৬ নং বেটেলিয়নে কৰ'ণা মহামাৰীৰ সময়চোৱাৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত বিতৰণ কৰি আহিছে খাদ্য সামগ্ৰী, চেনেটাইজাৰ, হেণ্ড গ্ল'বছ, হেণ্ড ওৱাছ, মাস্ক আদি ৷

নলবাৰীত ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীৰ পানী ফিল্টাৰ বিতৰণ

শনিবাৰে বাহিনীটোৱে নলবাৰী জিলাৰ ১০ খনকৈ বিদ্যালয়ত পানী ফিল্টাৰ আৰু মান পত্ৰ প্ৰদান কৰে । ফিল্টাৰ বিতৰণৰ পিছত বেটেলিয়নৰ কামাণ্ডেণ্ট পিচি চৌহানে প্ৰকাশ কৰে যে, স্বচ্ছতা মানৱ জীৱনৰ এক প্ৰয়োজনীয় অংশ আৰু এই স্বচ্ছতা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ।

এই উদ্দেশ্যৰেই আজি চিআৰপিএফৰ কামাণ্ডেণ্ট পি চি চৌহানৰ প্ৰচেষ্টাত বিদ্যালয় সমূহত পানী ফিল্টাৰ বিতৰণ কৰা হয় । অনুষ্ঠানৰ মাজতে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ থলুৱা গীত নৃত্যও পৰিবেশন কৰে । উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত কাশ্মিৰত শ্বহীদ হোৱা নিৰোদ শৰ্মাৰ পৰিয়ালক কামাণ্ডেণ্ট পি চি চৌহান সহ চিআৰপিএফ বাহিনীয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

অন্য এক খবৰৰ বাবে: মৰিগাঁৱত দ খাৱৈত বাগৰি পৰিল বলেৰ' পিক ভান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.