ETV Bharat / state

ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধাচৰণ একাংশ প্ৰযোজকৰ ! - press meet in nalbari

নলবাৰীত ভ্ৰাম্যমান থিয়েটাৰৰ একাংশ প্ৰযোজকে সংবাদমেল সম্বোধন কৰি নাট প্ৰদৰ্শন কৰি থকা ভ্ৰাম্যমাণ থিয়েটাৰ(Bhramyaman Theatre)ৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ লগতে ক’ভিড নীতি ভংগকাৰী ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ হুংকাৰ বৃন্দাবনৰ প্ৰযোজক বংকিম ৰায়মেধিৰ ৷

directors-press-meet-against-ongoing-mobile-theatre
ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে সৰৱ একাংশ প্ৰযোজক
author img

By

Published : Oct 25, 2021, 10:19 AM IST

নলবাৰী, 25 অক্টোবৰ : নলবাৰীত দেওবাৰে একাংশ ভ্ৰাম্যমান থিয়েটাৰ(Bhramyaman Theatre)ৰ প্ৰযোজকৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলযোগে নাট প্ৰদৰ্শন কৰি থকা ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে সৰৱ হয় এইসকল প্ৰযোজক ৷ সম্প্ৰতি নাট প্ৰদৰ্শন কৰি থকা ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীহৰি মন্দিৰত সংবাদমেল সম্বোধন কৰি ক্ষোভ উজাৰে প্ৰযোজক গণেশ(বংকিম) ৰায়মেধি আৰু নজৰুল ইছলামে ।

চলি থকা ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে প্ৰযোজক গণেশ(বংকিম) ৰায়মেধিয়ে অভিযোগ উত্থাপন কৰে । তেওঁৰ অভিযোগ অনুসৰি, ভ্ৰাম্যমাণ থিয়েটাৰে মানি চলা নাই চৰকাৰৰ ক’ভিড নীতি-নিৰ্দেশনা(SOP) । চৰকাৰৰ নীতি-নিৰ্দেশনা অমান্য কৰি ভ্ৰাম্যমান থিয়েটাৰসমূহে প্ৰদৰ্শন কৰিছে নাট ।

ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে সৰৱ একাংশ প্ৰযোজক

একাংশ দুষ্ট চক্ৰই প্ৰযোজক সন্থাক দুভাগত বিভক্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । লগতে প্ৰযোজকে ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ কৰাৰ বাবে চেষ্টা চলোৱা বুলি একাংশই চলোৱা অপপ্ৰচাৰক প্ৰত্যাহ্বান জনায় বংকিম ৰায়মেধিয়ে ।

অপপ্ৰচাৰ চলোৱাসকলক সাক্ষ্য প্ৰমাণ লৈ হৰিমন্দিৰৰ বাকৰিলৈ আমন্ত্ৰণ জনায় বংকিম ৰায়মেধিয়ে । তদুপৰি তেওঁ ক’ভিড নীতি ভংগকাৰী ভ্ৰাম্যমাণ থিয়েটাৰৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ হুংকাৰ দিয়ে বংকিম ৰায়মেধিয়ে ৷

লগতে পঢ়ক : ‘পলাশৰ ৰং’ বোলছবিৰ মূল নায়িকাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.