ETV Bharat / state

Separate Kamatapur state: ধূসৰ হৈ আছে পৃথক কমতাপুৰ ৰাজ্য গঠন প্ৰক্ৰিয়া: দিলীপ শইকীয়া

author img

By

Published : Jan 6, 2023, 9:11 PM IST

শেহতীয়াকৈ চৰ্চা চলা পৃথক কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ দিলীপ শইকীয়াৰ ৷ পৃথক কমতাপুৰ ৰাজ্যৰ দাবীৰে দীৰ্ঘদিন ধৰি আন্দোলন চলি আছে যদিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনাৰ পিছতহে ইয়াৰ সমাধান ওলাব বুলি মন্তব্য সাংসদগৰাকীৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈয়ো মন্তব্য দিলীপ শইকীয়াৰ ৷

Separate Kamatapur state
ধূসৰ হৈ আছে পৃথক কমতাপুৰ ৰাজ্য গঠন প্ৰক্ৰিয়া: দিলীপ শইকীয়া

নলবাৰী, 6 জানুৱাৰী: কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ দিলীপ শইকীয়াৰ(Dilip Saikia) ৷ সংবাদ মাধ্যমৰ আগত সাংসসদগৰাকীয়ে কয় যে, ‘‘কোচৰাজবংশীসকলৰ পৃথক ৰাজ্য গঠনৰ দাবী সন্দৰ্ভত বিভিন্ন আলোচনা চলি আছে কিন্তু কমতাপুৰ ৰাজ্য গঠন প্ৰক্ৰিয়াটো ধূসৰ হৈ আছে ৷’’(Separate Kamatapur state)

প্ৰস্তাৱিত মানচিত্ৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদগৰাকীৰ ৷ তেওঁ কয় যে, ‘ ‘মানচিত্ৰ সকলোৱে বনাব পাৰে । আমিও নিজে এখন মানচিত্ৰ বনাব পাৰোঁ । স্বাধীন অসমৰো মানচিত্ৰ তৈয়াৰ হৈছিল ৷ স্বাধীন অসম বাস্তৱিক হয় নে নহয় সেয়া সকলোৱে জানে ৷ পৃথক কমতাপুৰৰ ৰাজ্যৰ দাবীৰে দীৰ্ঘদিন ধৰি আন্দোলন কৰি থকা হৈছে যদিও ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে হোৱা আলোচনাৰ পিছতহে ইয়াৰ সমাধান সূত্ৰ ওলাব(Demand of Separate Kamatapur state) ৷’’

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণক(Constituency delimitation) লৈয়ো মন্তব্য সাংসদ দিলীপ শইকীয়াৰ ৷ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া এক সাংবিধানিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে, ‘‘২০০৭ চনৰ খচৰাক লৈ ৰাজ্যত আলোচনা চলি আছে ৷ সৰ্বস্তৰৰ ৰাইজৰ পৰামৰ্শ আৰু দল-সংগঠনৰ পৰামৰ্শ লৈহে নিৰ্বাচনী চূড়ান্ত ভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব ৷’’

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ হলেও নিৰ্বাচনৰ বাবে দিল্লীতো সাজু , নলবাৰীতো সাজু, অসমতো সাজু বুলি মন্তব্য কৰে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷ লগতে টিকট লাভ কৰিলেও অথবা নকৰিলেও মই বিজেপি বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘যতেই দলেই প্ৰক্ষেপ কৰে তাতেই দায়িত্ব ল'বলৈ সাজু ৷’’

উল্লেখ্য যে, অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটা(Asom Gaurav Award) লাভ কৰা নলবাৰীৰ যুৱ কৃষক তথা মীন পালক দেৱজিৎ বৰ্মনক সম্বৰ্ধনা জ্ঞাপনৰ বাবে শুকুৰবাবে মীন পালকগৰাকীৰ গৃহত উপস্থিত হয় সাংসদগৰাকী ৷ তেওঁক গামোচা, শৰাই আৰু ফুলাম জাপিৰে দেৱজিৎ বৰ্মনক সম্বৰ্ধনা জ্ঞাপন কৰে সাংসদ দিলীপ শইকীয়াই ৷ সকলোৰে বাবে আদৰ্শ হৈ পৰা এইজন দেৱজিৎ বৰ্মনে ১৯৯০ চনৰ পৰা নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে কৰি আহিছিল সংগ্ৰাম । ষষ্ঠ শ্ৰেণীৰে পৰা ঘ'গা বিলত দেৱজিৎ বৰ্মনে কৰিছিল মৎস পালনৰ লগতে বিভিন্ন কৃষি কৰ্ম ।

দেৱজিৎ বৰ্মনক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কমতাপুৰ ৰাজ্য গঠন(Dilip Saikia on separate Kamatapur State) আৰু আগন্তুক লোকসভা নিৰ্বাচনত সমষ্টি হেৰুৱাব বুলি চলি থকা চৰ্চা সন্দৰ্ভত মত প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক: BTR Chief Pramod Boro: পৃথক কমতাপুৰ এটা অলীক সপোন: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.