ETV Bharat / state

চি পি আই এমৰ প্ৰতিবাদত উত্তাল নলবাৰীৰ মুকালমুৱা

author img

By

Published : Sep 30, 2020, 4:09 PM IST

কৃষি আইন বাতিলৰ দাবীত নলবাৰীৰ মুকালমুৱাত চি পি আই এমৰ উত্তাল প্ৰতিবাদ। দলটোৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ নেতৃত্বত প্ৰতিবাদী ৰেলীৰ উলিওৱা হয়। চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ।

নলবাৰীৰ মুকালমুৱাত চি পি আই এমৰ উত্তাল প্ৰতিবাদ

নলবাৰী,৩০ছেপ্টেম্বৰ: বিজেপি চৰকাৰৰ কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে আজি সমগ্ৰ দেশজুৰি চি পি আই এমে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ মুকালমুৱাতো বিজেপিৰ জনবিৰোধী নীতি,দুৰ্নীতি,অনিয়মৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদী সমদল উলিয়ায় দলটোৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাই। মুকালমুৱাৰ মাজমজিয়াৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ।

লগতে কৃষক বিৰোধী কৃষি আইন মানি লোৱা নহ'ব বুলি সকিয়াই দিয়ে চি পি আই এমে। চৰকাৰী আঁচনিসমুহত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈও দাবী জনায়। বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে দলটোৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতি। চি পি আই এমৰ নেতা ভূৱনেশ্বৰ বৰ্মন,কৃষক নেতা জয়নাল আলী আহমেদ,এছ এফ আইৰ নেতা গাজিউৰ ৰহমান চৌধুৰীসহ তিনি শতাধিক লোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.