ETV Bharat / state

নলবাৰীৰ দেওবাৰৰ দিনটোত ক’ভিড-19ত আক্ৰান্ত 101 গৰাকী

author img

By

Published : May 9, 2021, 10:06 PM IST

দেওবাৰৰ দিনটোত নলবাৰীত ক’ভিড-19ত আক্ৰান্ত চিনাক্ত হয় 101 গৰাকী । সম্প্ৰতি জিলাখনত ক’ভিড-19ত আক্ৰান্ত হৈ 1610 গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে হ’ম আইচলেচনত আছে জিলাখনৰ 1406 গৰাকী লোক ।

নলবাৰীৰ দেওবাৰৰ দিনটোৰ শেহতীয়া ক’ভিড-19 ৰ তথ্য

নলবাৰী,9মে’: ক’ভিড-19 ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ সম্প্ৰতি ৰাজ্যতো ক্ৰমাত জটিলতাৰ দিশে গতি কৰিছে ক’ভিড-19 পৰিস্থিতি ৷ তাৰমাজতে ক’ভিড-19ৰ দ্বিতীয় ঢৌৱত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 2273 গৰাকীলৈ বৃদ্ধি পালে । তাৰমাজতে দেওবাৰৰ দিনটোত জিলাখনত 101 গৰাকী ক’ভিড-19ত আক্ৰান্ত চিনাক্ত হয় । সম্প্ৰতি জিলাখনত ক’ভিড-19ত আক্ৰান্ত হৈ 1610 গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে হ’ম আইচলেচনত আছে 1406 গৰাকী লোক ।

উল্লেখযোগ্য যে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 88 গৰাকী, বেলশৰ মডেল হাস্পতালত 39 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত আছে 30 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰ উপৰিও GMCH, MMCH আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 49 গৰাকী উন্নত চিকিৎসাৰ বাৱে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়কঃ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.