নলবাৰী, 12 মে’ : দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীল নীতি ঘোষণা কৰি অহাৰ সময়তে এইবাৰ নলবাৰীত পোহৰলৈ আহিছে জলসম্পদ বিভাগৰ এক বিয়াগোম দুৰ্নীতি (Contractor of Irrigation department arrested for cheating in Nalbari) ৷ ভুৱা তথ্য দাখিলেৰে ঠিকাদাৰে মোকোলাই নিলে ধন । নলবাৰীত নোনা নৈৰ মথাউৰিৰ কাম সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰ শৈলেন শৰ্মাই মোকলাই নিলে দুই কোটিৰো অধিক ধন ৷ এই অভিযোগ তৰিছে নৱ নিৰ্মাণ ভাৰতৰ সম্পাদক বিশ্বজিৎ ৰাজবংশীয়ে ৷
কাৰ আশীৰ্বাদ পুষ্ট হৈ ঠিকাদাৰ শৈলেন শৰ্মাই গৰম কৰিলে নিজৰ পকেট, এই লৈ এতিয়া বিভিন্ন মহলতো চলিছে চৰ্চা ৷ তথ্য অনুসৰি, 5 কোটি 38 লাখ 99 হাজাৰ টকাৰে নলবাৰী জিলাৰ নোনা নৈৰ মঠাউৰি নিৰ্মাণৰ বাবে আমানতৰ ধন জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ঠিকাদাৰ শৈলেন শৰ্মাক ।
ইতিমধ্যে 2 কোটি 47 লাখ টকা কামৰ নামত সৰকাই নিয়াৰ অভিযোগ উঠিছে ঠিকাদাৰ শৈলেন কুমাৰ শৰ্মাৰ বিৰুদ্ধে । বিভাগৰ নামত ধুৰন্ধৰ শৈলেন শৰ্মাই জমা দিছিল এখন Fixed Deposit । 2022 বৰ্ষৰ 8 জুনত কাৰ্যকৰী হোৱা এই Fixed Deposit খন শৈলেন শৰ্মাই ইন্টাৰনেট বেংকিঙৰ যোগেদি নিজেই বন্ধ কৰিছিল চাৰি মাহ পিছতে অৰ্থাৎ 2020 চনৰ 3 অক্টোবৰত ।
লগতে পঢ়ক : ৰাজ্যত বিকল হৈ আছে জলসিঞ্চনৰ ১৮৫৪ খন আঁচনি
কিন্তু বন্ধ কৰা এই Fixed Deposit খনৰেই এখন ভুৱা ৰিচিপ জমা দি ঠিকাদাৰ শৈলেন শৰ্মাই কৰি গৈ আছিল ঠিকা । মথাউৰি নিৰ্মাণত আসোঁৱাহ দেখি তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত নৱ নিৰ্মাণ ভাৰত নামৰ সংস্থাটোৰ সম্পাদক বিশ্বজিৎ ৰাজবংশীয়ে সমস্ত ঘটনা আনে পোহৰলৈ ৷
অতি আশ্বৰ্যকৰ এয়াই যে ইমানৰ পিছতো চকু মুদা কুলিৰ ৰূপত ভাও দিছিল নলবাৰী জল সম্পদ বিভাগে ৷ আনকি এই সন্দৰ্ভত তথ্য দিয়াৰ পৰাও বিৰত আছিল । পৰৱৰ্তী সময়ত জল সম্পদ বিভাগৰ আয়ুক্তৰ নিৰ্দেশতহে যেন গা লৰিল বিভাগটোৰ । আয়ুক্তৰ নিৰ্দেশতেই সদৰ থানাত এক এজাহাৰ দাখিল কৰিবলৈ বাধ্য হৈছিল নলবাৰীৰ জলসম্পদ কাৰ্যলয়ৰ কাৰ্যবাহী অভিযন্তা বিপুল চৌধুৰীয় ৷
উক্ত এজাহাৰৰ ভিত্তিত নলবাৰী সদৰ থানাত 175/2022 নং গোচৰৰ আধাৰত ৰুজু কৰা হয় আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 177/406/467/47 ধাৰাত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঠিকাদাৰ শৈলেন শৰ্মাক । নলবাৰী আৰক্ষীৰ টাউন দ্বাৰকা দ্বীপজ্যোতি শৰ্মাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ওদালগুৰি জিলাৰ টংলাস্থিত ঠিকাদাৰগৰাকীৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক : নগাঁৱত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ