ETV Bharat / state

উজনি অসমত চল্লিশখন আসন লাভ কৰিব কংগ্ৰেছে : আব্দুল খালেক

কিয় কংগ্ৰেছ দলক ভোট দিব লাগে । নলবাৰীত ক’লে মীৰা বৰঠাকুৰে ।

Congress meeting at Nalbari
উজনি অসমত চল্লিশখন আসন লাভ কৰিব কংগ্ৰেছে : আব্দুল খালেক
author img

By

Published : Feb 15, 2021, 10:37 PM IST

নলবাৰী, 15 ফেব্ৰুৱাৰী : বিজেপি আদানী, আম্বানী নিচিনা পুঁজিপতিৰ দল । ২০১৬ ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ জনতাক দিয়া প্ৰতিশ্ৰুতিসমূহ ক’লৈ গ'ল । জন ধন যোজনাৰ একাউন্টত ১৫ লাখকৈ টকা দিম বুলি দিয়া প্ৰতিশ্ৰুতি ক’লৈ গ'ল প্ৰধানমন্ত্ৰীৰ ।

আদানী, আম্বানী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই লগ লাগি এপদ এপদকৈ ৰাজহুৱা সম্পদ বিক্ৰী কৰিছে । সোমবাৰে নলবাৰীৰ ধৰ্মপুৰত কংগ্ৰেছৰ এখন দলীয় সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে মীৰা বৰঠাকুৰে ।

সাধাৰণ অ’লা, উ’বেৰ, অটোচালকৰ পৰা ধন নোপোৱাৰ বাবেই তেওঁলোকৰ দাবীসমুহ মানি নলয় বুলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কটাক্ষ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ধৰ্মপুৰত পৰিৱৰ্তন আহিব বুলি উল্লেখ কৰে ৷ তেওঁ লগতে দিনৰ ১২ বজাত বিছনাৰ পৰা শুই উঠা চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে বিধায়কক প্ৰত্যাখ্যান কৰাৰ বাবে ধৰ্মপুৰৰ ৰাইজক আহ্বান জনায় ।

আনহাতে ধৰ্মপুৰৰ চামতাত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰত অংশ গ্ৰহণ কৰি সাংসদ আব্দুল খালেকে ভাষণত পুনৰ গুৰুজনাৰ প্ৰসংগ টানি আনে । কেবল গুৰুজনাকে নহয়, সাংসদ খালেকে এইবাৰ আজান ফকীৰকো টানি আনিলে ৰাজনৈতিক সভাস্থলীলৈ ।

গুৰুজনাৰ নাম উল্লেখ কৰি ভাষণত সাংসদ খালেকে গুৰুজনাই আমাক কি আদৰ্শ দেখুৱাই থৈ গৈছে বুলি উল্লেখ কৰি আজান ফকীৰ চাহাবে দেখুৱাই থৈ যোৱা সমন্বয়ৰ কথাহে কয় সাংসদগৰাকীয়ে । সাংসদ খালেকে লগতে এইবাৰ নিৰ্বাচনত কেৱল উজনি অসমৰ পৰাই কংগ্ৰেছে ৪০ খন আসন দখল কৰিব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, কংগ্ৰেছ দলৰ এই বুথ সন্মিলনত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাকে ধৰি সমষ্টিটোৰ প্ৰায় ১৮৭ খন বুথ কমিটিৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে 47 সংখ্যক কাৰ্বি মহোৎসৱ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.