ETV Bharat / state

বিজেপিৰ দৰ্শনৰ সৈতে কংগ্ৰেছৰ তুলনা নহয় : ৰণজিৎ কুমাৰ দাস

author img

By

Published : Jun 24, 2021, 10:44 PM IST

বৃহস্পতিবাৰে টিহু মহাবিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ পৰিদৰ্শন কালতে তেওঁ কয়, কংগ্ৰেছৰ দৰে বিজেপি আদৰ্শবিহীন নহয় ৷ বিজেপি এক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত বুলি কয় মন্ত্ৰী দাসে ৷

Congress is not compared to BJP's philosophy
বিজেপিৰ দৰ্শনৰ সৈতে কংগ্ৰেছৰ তুলনা নহয়

নলবাৰী, 24 জুন : "বিজেপি হৈছে এটা আদৰ্শগত দল, পৰিয়ালকেন্দ্ৰিক নহয় ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি কোন হ'ব সেয়া সকলোৱে জানে ৷ বিজেপিৰ কোন ৰাজ্যিক সভাপতি হ'ব ? কোন কেন্দ্ৰীয় সভাপতি হ'ব সেয়া কোনেও নাজানে ৷"

বিজেপিৰ দলীয় সভাপতিৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত এইদৰে কয় বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দাসে ৷ তেওঁ কয়, বিজেপিৰ আদৰ্শ হৈছে দেশ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি একেবাৰে শেষত ৷ এক দৰ্শনৰ আধাৰত ভাৰতীয় জনতা পাৰ্টী আগবাঢ়িছে ৷ কংগ্ৰেছত কোনো দৰ্শন নাই ৷

কেৱল শাসনৰ বাবে ক্ষমতাত অহা নাই বিজেপি ৷ দেশ তথা ৰাষ্ট্ৰ নিৰ্মাণ, জাতি নিৰ্মাণৰ স্বাৰ্থত বিজেপি ক্ষমতাত আহিছে ৷ কংগ্ৰেছে কেৱল ক্ষমতাৰ কাৰণেহে শাসনত আহে বুলি এক প্ৰত্যাহ্বানসূচক মন্তব্য প্ৰকাশ কৰে ৰণজিৎ দাসে ৷

বিজেপিৰ দৰ্শনৰ সৈতে কংগ্ৰেছৰ তুলনা নহয় : ৰণজিৎ কুমাৰ দাস

উল্লেখ্য যে, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৃহস্পতিবাৰে টিহু মহাবিদ্যালয় পৰিদৰ্শন কৰে । মহাবিদ্যালয়খনৰ নৱনিৰ্মিত ভৱনটো পৰিদৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হোৱা ৰণজিৎ দাসক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ফুলাম গামোচা, জাপি, শৰাই, অভিনন্দন পত্ৰ আদিৰে উষ্ম আদৰণি জনায় । পৰিদৰ্শন কালতে সাংবাদিকক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৰণজিৎ দাসে ৷

ৰূপজ্যোতি কুৰ্মীৰ পাচতে কংগ্ৰেছৰ শীৰ্ষ নেতা বিজেপিলৈ আগমন ঘটিব নেকি বুলি কৰা প্ৰশ্ন উত্তৰত আওপকীয়াকৈ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ "এই কথা পোনচাতে কোৱা কথা নহয় ৷ নিশ্চিতভাৱে বহুতে পৰিকল্পনা কৰিছে ৷ গতিকে সম্ভাৱনাও অধিক ৷

অসমৰ চাৰিৰ পৰা পাঁচটা সমষ্টিত উপ-নিৰ্বাচন হ'বলৈ গৈ আছে" ৷ সাংবাদিকৰ আগত এইদৰে কয় ৰণজিৎ দাসে ৷ মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছে সেয়া আখৰে আখৰে পালন কৰা হ'ব ৷ অসমীয়া মহিলাসকলক ঋণ ৰেহাই দিয়া পৰিকল্পনা নতুন নহয় ৷

অধিক সুদত ঋণ লৈ অসমীয়া মহিলাসকল এক চক্ৰবেহুত সোমাই পৰিছিল ৷ এই চক্ৰবেহুত পৰা মহিলাসকলক উদ্ধাৰ কৰিবলৈ দুবছৰৰ আগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে ৰণজিৎ দাসে ৷ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি ৰণজিৎ দাসে কয়, নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰ আধাৰত হ'ব ৷ মেধাৰ আধাৰত নিযুক্তি হ'ব আৰু মেধাসকলৰ মাজত প্ৰতিযোগিতা হ'ব ৷

লগতে পঢ়ক: তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.