ETV Bharat / state

Conflict in Nalbari School: কিবা কথাত খং উঠি শ্ৰেণীকোঠাত তলা ওলোমাই দিলে হাচিনা বাইদেৱে

author img

By

Published : Aug 9, 2022, 9:09 PM IST

বিদ্যালয় পৰিচালনা সমিতিৰ সভাৰ সিদ্ধান্তৰ বিষয়ে অৱগত নহ’ল সহকাৰী শিক্ষয়িত্ৰী ৷ প্ৰধান শিক্ষয়িত্ৰীৰ পৰা বিচাৰিছিল কাৰ্যক্ৰমণিকাৰ বহী ৷ কিন্তু নিদিলে ৷ ইয়াতেই খৰ্গহস্ত হৈ সহকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে শ্ৰেণীকোঠাত ওলোমাই দিলে তলা ৷ ঘটনাটো নলবাৰীৰ ৷

Conflict in Nalbari School
শ্ৰেণীকোঠাত তলা ওলোমাই দিলে হাচিনা বাইদেৱে

নলবাৰী, ৯ আগষ্ট: বিদ্যালয়লৈ আহি বাৰাণ্ডাতে বহি থাকিবলগীয়া হ’ল কণ-কণ ছাত্ৰ-ছাত্ৰী ৷ কাৰণ দুৱাৰত বৰতলা ওলোমাই দিলে শিক্ষয়িত্ৰীয়ে ৷ শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক পাঠগ্ৰহণৰ পৰা বঞ্চিত কৰি শ্ৰেণীকোঠাত তলা ওলোমাৰ কাৰণটোও আজৱ ৷

বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত আহটা প্ৰাথমিক বিদ্যালয়ত কিছুদিন পূৰ্বে অনুষ্ঠিত হৈছিল পৰিচালনা সমিতিৰ এখন সভা ৷ সভাখনত আলোচনা হোৱা বিষয়সমূহ জ্ঞাত নহ’ল সহকাৰী শিক্ষয়িত্ৰী হাচিনাৰা বেগমৰ ৷ সেয়েহে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ পৰা কাৰ্যবিৱৰণী বিচাৰিছিল সহকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে ৷ কিন্তু কাৰ্য্যবিৱৰণি দিবলৈ মান্তি নহ’ল প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ৷ ইয়াতে ক্ষুন্ন হৈ মঙলবাৰে শ্ৰেণীকোঠাৰ দুৱাৰত তলা ওলোমাই দিলে শিক্ষয়িত্ৰী হাচিনাৰা বেগমে(Teacher locked classroom in Nalbari) ৷

বিদ্যালয়ৰ আভ্যন্তৰীণ কন্দলৰ বাবে এইদৰে শিক্ষাৰ্থীক শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত কৰা ঘটনাত স্থানীয় লোক আচৰিত হৈ পৰে (Conflict between teacher in nalbari)৷ লগে লগে বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নুকুঞ্জ বৰ্মনক খবৰ দিয়ে । ইয়াৰ পাছতে বিষয়াগৰাকী বিদ্যালয়খনত উপস্থিত হৈ তলা খুলি পাঠদান আৰম্ভ কৰোৱাৰ লগতে দোষীক শাস্তি প্ৰদানৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক: Protest against GMDAs decision: কটা নহয় কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ বট গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.