ETV Bharat / state

নলবাৰীৰ বৰাজোলত সৌৰ শক্তি চালিত হিমঘৰ মুকলি - Cold storage house inaugurated at Nalbari by MLA

নলবাৰী জিলাৰ পূৱ বনভাগ গাঁও পঞ্চায়তৰ বৰাজোলত এটি সৌৰ শক্তি চালিত হিমঘৰ মুকলি ৷ হিমঘৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ৷

cold-storage-house-inaugurated-at-nalbari-by-mla-ashok-sarma
নলবাৰীৰ বৰাজোলত সৌৰ শক্তি চালিত হিমঘৰ মুকলি
author img

By

Published : Jan 30, 2021, 6:02 PM IST

নলবাৰী,30 জানুৱাৰী: নলবাৰী জিলাৰ 59 নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত 14 নং পূৱ বনভাগ গাঁও পঞ্চায়তৰ বৰাজোলত আনুষ্ঠানিকভাৱে মুকলি হ'ল এটি সৌৰ শক্তি চালিত হিমঘৰ ৷ গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা সংস্থাপিত সৌৰ শক্তি চালিত হিমঘৰটো শনিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ৷ হিমঘৰটো মুকলি কৰি বিধায়ক গৰাকীয়ে ভাষণত কয় যে এই হিমঘৰটোৰ জড়িয়তে অঞ্চলটোৰ ব্যৱসায়ীসকলৰ দীৰ্ঘদিনীয়া সমস্যা দুৰ হ'ব ৷ লগতে এই হিমঘৰটোৰ দ্বাৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ৰাহি হোৱা তথা ৰৈ যোৱা শাক-পাচলি, ফল-মুল আদি জমা কৰিব পাৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

cold-storage-house-inaugurated-at-nalbari-by-mla-ashok-sarma
নলবাৰীৰ বৰাজোলত সৌৰ শক্তি চালিত হিমঘৰ মুকলি

হিমঘৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে গ্ৰাম্য বিকাশ মঞ্চৰ সঞ্চালক পৃথিভুৱন ডেকা, নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ফিৰদ্দুছ আলাম, পূৱ বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশী, বৰাজোল হাইস্কুলৰ প্ৰধান শিক্ষক ৰমণী মোহন দাস, নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা পদ্ম ৰামচিয়াৰী, বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংগ দাসকে ধৰি ভালেসংখ্যক স্থানীয় ৰাইজ ৷

লগতে পঢ়কঃ বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.