নলবাৰী,১৫ জানুৱাৰী: আজি কৃষিজীৱি অসমীয়াই উদযাপন কৰিছে প্ৰাপ্তি তথা ভোগৰ উৎসৱ ভোগালী বিহু (Magh Bihu 2023)। ৰাজ্যজুৰি পৰিলক্ষিত হৈছে মাঘ বিহুৰ পাৰভঙা উচাহ ৷ পুৱাই মেজি জ্বলাই ৰাজ্যবাসীয়ে পালন কৰিছে ভোগালী বিহু ৷ মুঠৰ ওপৰত ৰাজ্যজুৰি বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ (Magh Bihu celebrates in Assam) ৷
চহা অসমীয়া ৰাইজৰ সমান্তৰালকৈ ৰাজনৈতিক নেতাসকলেও আনন্দ উল্লাস কৰিছে ভোগালী বিহুটিত । পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উদযাপন কৰিছে ভোগালী বিহুটি । মাঘ বিহুৰ উমাল পুৱাত গুৱাহাটীৰ জ্যোতিকুছিস্থিত বাসগৃহত ভোগালীৰ পৰম্পৰা পালন কৰি মেজি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda sonowal) ৷ মেজি প্ৰজ্বলন কৰি সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে অগ্নিদেৱতাৰ ওচৰত সেৱা জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তাৰ পাছতেই তেওঁ সাংবাদিকৰ লগতে উপস্থিত সকলোৰে সৈতে একেলগে ভোগালীৰ জলপান গ্ৰহণ কৰে ।
ইয়াৰ পাছতেই মাঘ বিহু উপলক্ষে নলবাৰীৰ হাৰিভাংগাৰ শ্ৰীশ্ৰী কলীয়া গোঁসাই মন্দিৰত উপস্থিত হয় সোণোৱাল(Central minister Sarbananda Sonowal in Nalbari) । বিহুৰ দিনটোতেই কলীয়া গোসাই মন্দিৰত আশিস ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । শ্ৰীশ্ৰী কলীয়া গোঁসাই মন্দিৰত অনুষ্ঠিত ধৰ্মসভাতো অংশগ্ৰহণ কৰে সোনোৱালে । কাইলৈ ১ মাঘত উপস্থিত থকাৰ কথা আছিল সোণোৱালৰ । বিশেষ অসুবিধাৰ বাবে এদিন আগতে অৰ্থাৎ দেওবাৰে শ্ৰীশ্ৰী কলীয়া গোঁসাই মন্দিৰত উপস্থিত হয় সৰ্ব্বানন্দ সোনোৱাল ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে ঢোল-খোল, পুস্পবৃষ্টিৰে আদৰি নিয়ে হাৰিভাংগা গাঁও উন্নয়ন সমিতিয়ে । অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে । মাটি আৰু মানুহৰ একাত্ম সম্পৰ্ক থাকিলেহে পৃথিৱী সুন্দৰ হ'ব বুলি উল্লেখ কৰে সোনোৱালে । ভোগালীত কৃষকৰ অৱদান আছে, এই উৎসৱৰ বাবে কৃষকসকলক ধন্যবাদ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
ইফালে জিলা কৰ্তন সম্পৰ্কত অসম চৰকাৰে সঠিকভাৱেই কাম কৰি আছে ইয়াৰ লগতে জিলা কৰ্তন, সমষ্টি পুণঃগঠন সঠিকভাৱেই আগবাঢ়িছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালক সংগ দিয়ে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী, চলচিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, নলবাৰী জিলা বিজেপিৰ সভাপতি ডা: মৃগাংক তালুকদাৰে ।
লগতে পঢ়ক: CM visited assam state zoo: মাঘ বিহুৰ দিনটোতেই নিজে বাহন চলাই চিৰিয়াখানাত উপস্থিত মুখ্যমন্ত্ৰী