নলবাৰী, 9 জুলাই : ৰাজ্যজুৰি অব্যাহত থকা ক'ভিড (Covid 19) আতংকৰ মাজতে নলবাৰীৰ মুকালমুৱা বৰতলাত সংঘটিত হৈছে এক শোকাৱহ নাঁও দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে মুকালমুৱাৰ বৰতলাত ব্ৰহ্মপুত্ৰত এখন টুলুঙা নাঁও ডুবি এগৰাকী লোক সন্ধানহীন হয় ৷ জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হোৱা নাঁওখনত চাৰিগৰাকী লোক আছিল । ইয়াৰে কন্দৰ্প ডেকা নামৰ লোকজন বৰ্তমান সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, কন্দৰ্প ডেকাই এখন টুলুঙা নাঁৱেৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত চৰিবলৈ দিয়া গৰু, ম'হ আনিবলৈ গৈছিল ৷ লগতে গাঁওখনৰ আন তিনিগৰাকী লোকে নাঁৱেৰে ব্ৰহ্মপুত্ৰৰ এটা সুঁতি পাৰ হ’বলৈ লওঁতেই নৈৰ মাজতে নাঁওখন ডুবি যায় ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে লগৰ তিনিজনে কোনোমতে সাঁতুৰি পাৰহৈ আহে যদিও কন্দৰ্প ডেকা সন্ধানহীন হৈ পৰে ৷ স্থানীয় ৰাইজে তেওঁক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও সন্ধিয়ালৈকে কোনো শুংসূত্ৰ নাপালে ৰাইজে ৷
আনহাতে, সন্ধিয়াৰ ভাগত এছ ডি আৰ এফ (SDRF)বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও প্ৰতিকুল বতৰ আৰু এন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান চলোৱা নাই ৷ শুকুৰবাৰে পুৱাই উদ্ধাৰ অভিযান চলাব উদ্ধাৰকাৰী দলে ৷
লগতে পঢ়কঃ মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি