ETV Bharat / state

বিজেপিত যোগদান ধৰ্মপুৰৰ কংগ্ৰেছৰ দুগৰাকী পঞ্চায়ত সভাপতিৰ

author img

By

Published : Jan 31, 2021, 10:32 PM IST

অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে শাসকীয় দল বিজেপিয়েও অব্যাহত ৰাখিছে নিৰ্বাচনী কুচ-কাৱাজ ৷

bjp-joining
বিজেপিত যোগদান ধৰ্মপুৰৰ দুগৰাকী কংগ্ৰেছৰ পঞ্চায়ত সভাপতিৰ

নলবাৰী, 31 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে শাসকীয় দল বিজেপিয়েও অব্যাহত ৰাখিছে নিৰ্বাচনী কুচ-কাৱাজ ৷

ইফালে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি ৷ বিধানসভা নিৰ্বাচনৰ পুৰ্বে ধৰ্মপুৰত কংগ্ৰেছ দলত মোক্ষম আঘাত দেখিবলৈ পোৱা গৈছে ৷

দুগৰাকীকৈ পঞ্চায়ত সভাপতি সহ শতাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে দেওবাৰে চামতাৰ বালিপথাৰত অনুষ্ঠিত হোৱা পৃষ্ঠাপ্ৰমুখ সন্মিলনৰ নিযুক্তি সভাত মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনী শৰ্মা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰে ৷ উক্ত সভাত বহু সংখ্যক বিজেপি কৰ্মীও উপস্থিত থাকে ৷

লগতে পঢ়ক: জালুকবাৰীৰ পৰাই অসম জাতীয় পৰিষদে বজাব নিৰ্বাচনী ৰণডংকাঃ দুলু আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.