ETV Bharat / state

ৰাম কলগছৰে দেৱী দুৰ্গাক আৰাধনা কৰা এখন দেৱালয়... - ৰাম কলগছ

1500 শতিকাত স্থাপিত এখন ঐতিহাসিক দেৱালয় হৈছে নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয় ৷ মূৰ্তি পূজাৰ বিপৰীতে ৰাম কলগছক দেৱী সজাই দুৰ্গা পূজা কৰাতো দেৱালয়খনৰ অন্যতম বৈশিষ্ট্য ৷ এই সন্দৰ্ভত যুগুত কৰা এক বিশেষ প্ৰতিবেদন-

Bilbeswar devalaya durga puja special story nalbari assam etv bharat news
বিল্বেশ্বৰ দেৱালয়
author img

By

Published : Oct 17, 2020, 8:07 PM IST

নলবাৰী,17 অক্টোবৰ: নলবাৰী চহৰৰ পৰা প্ৰায় 10 কিল’মিটাৰ দূৰত্বত অৱস্থিত ৰাজ্যৰ শৈৱ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম এখন দেৱালয় হৈছে বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয় ৷ ইতিহাস প্ৰসিদ্ধ এই দেৱালয়খন স্থাপন কৰিছিল ৰজা নাগাক্ষই ৷ দেৱালয়খন চৰ্চিত হৈ আহিছে ইয়াত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ বাবে ৷ এই দেৱালয়ত প্ৰতিদিনে ভক্তৰ মাজত ভোগ বিতৰণ কৰা হয় ৷ হিন্দু-মুছলমানৰ মাজত ঐক্যৰ ধ্বজাবাহক হিচাপে পৰিচিত দেৱালয়খনৰ এখন ভোগৰ থাল মুছলমান ৰাইজক আগবঢ়োৱাতো পুৰণি প্ৰথা ৷ যি পৰিচিত বেলশৰীয়া খাৰা হিচাপে ৷ মনত থকা দিনৰে পৰা দেৱালয়ৰ নিয়মীয়া পূজাত আগভাগ লৈ আহিছে ইছলামধৰ্মী লোকসকলে ৷ যিয়ে হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ মূৰ্তি পূজাৰ বিপৰীতে ৰাম কলগছক দেৱী সজাই দুৰ্গা পূজা কৰাতো দেৱালয়খনৰ অন্যতম বৈশিষ্ট্য ৷ পূৰ্বতে দেৱালয়খনত মূৰ্তি পূজাৰ প্ৰচলন আছিল ৷ কিন্তু বিগত প্ৰায় 25 বছৰ পূৰ্বৰ পৰা পুৰোহিতে প্ৰতীকী ৰূপত ৰাম কলগছ স্থাপন কৰি দেৱী দশভূজাক পূজা কৰি আহিছে ৷

নলবাৰী বেলশৰৰ বিল্বেশ্বৰ দেৱালয়

বিশেষকৈ নৱমী পূজাৰ দিনা হোৱা ম’হ বলিৰ বাবে দেৱালয়খনলৈ দূৰ-দূৰণিৰ পৰা আগমন ঘটে ভক্তৰ৷ ৰীতি-নীতি অনুসৰি প্ৰতিদিনে দেৱালয়ত সম্পন্ন হৈ আহিছে পূজা-অৰ্চনা৷ হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি প্ৰতিটো পূজা অনুষ্ঠিত হোৱা দেৱালয়খনৰ সুকীয়া বৈশিষ্ট্য বিদ্যমান ৷ দেৱালয়খনত বৈদিক পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় নৱৰাত্ৰি ৷ মহিষমৰ্দিনী দুৰ্গাক অৰ্চনা কৰা হয় নটা ভিন্ন ৰূপত ৷

Bilbeswar devalaya durga puja special story nalbari assam etv bharat news
দেৱালয়ত স্থাপিত বিশালকাৰ শিৱ মূৰ্তি

ইতিহাসৰ দিশৰ পৰা চাবলৈ গ’লে দেৱালয়খনত আজিও উপলব্ধ বিভিন্ন প্ৰকাৰৰ শিলালিপি ৷ মন্দিৰ চৌহদৰ সন্মুখত অৱস্থিত চিলাৰায় দেৱানে খন্দা পুখুৰীটোৱে অৰিহণা যোগাইছে সৌন্দৰ্য বৰ্ধনত ৷ পূৰ্বৰ দৰে এইবছৰো দেৱালয়খনত পালন কৰা হ’ব নৱৰাত্ৰিৰ লগতে শাৰদীয় দুৰ্গা পূজা ৷ সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল মানি অনুষ্ঠিত হ’বলগীয়া পূজাত নাথাকিব পূৰ্বৰ দৰে জাক-জমকতা ৷ এক বহল পৰিসৰত অৱস্থিত দেৱালয়খনত স্থাপন কৰা হৈছে নাগাক্ষ উদ্যান ৷ তদুপৰি দেৱালয়খনত অৱস্থিত বিষ্ণু মূৰ্তি, শিৱ সেঁতু, বিশালকাৰ শিৱ মূৰ্তি আদিও ভক্তৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৷

শিৱ মূৰ্তি

লগতে চাওকঃ আউনীআটী সত্ৰত প্ৰজ্বলিত 367 বছৰীয়া আকাশবন্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.