ETV Bharat / state

মুকালমুৱাৰ দৰংগিপাৰাত বহাগী উৎসৱ উদযাপন - উপস্থিত কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা

ৰাজ্যৰ চৌদিশে বিহু উৎসৱৰ জোৱাৰ । উজনিৰ পৰা নামনিলৈ মঞ্চই মঞ্চই শিল্পীৰ চমক । ব্যতিক্ৰম নহয় নলবাৰী । নলবাৰীৰ মুকালমুৱাৰ দৰংগিপাৰাত অনুষ্ঠিত কৰা হয় ২৯ সংখ্যক ব'হাগী উৎসৱ(29th Bahagi Festival celebrated in Mukalmua) ।

29th bahagi festival celebrated in mukalmua
মুকালমুৱাৰ দৰংগিপাৰাত ২৯ তম বহাগী উৎসৱ
author img

By

Published : May 8, 2022, 7:11 PM IST

নলবাৰী,৮ মে': শনিবাৰে নিশা হাজাৰ হাজৰ লোকৰ সমাগমেৰে কোকৰাঝাৰ জিলা উপায়ুক্ত তথা বৰক্ষেত্ৰীৰ জীয়ৰী বৰ্ণালী ডেকাৰ উপস্থিতিত অনুষ্ঠিত হয় ২৯ সংখ্যক ব'হাগী উৎসৱ অনুষ্ঠান(29th Bahagi Festival celebrated in Mukalmua) । নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৰংগিপাৰা আঞ্চলিক যুৱ বিকাশ ক্লাৱৰ সৌজ্যনত উদযাপন কৰা হয় এই ব’হাগী উৎসৱ ।

২৯ তম ব'হাগী উৎসৱত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানত আধুনিক নৃত্য প্ৰতিযোগিতা আৰু কেইবাটাও বিহু হুঁচৰি দলে বিহু হুঁচৰি পৰিবেশন কৰে । সমান্তৰালভাৱে ভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিও দাঙি ধৰা হয় অনুষ্ঠানটোত ।

মুকালমুৱাৰ দৰংগিপাৰাত ২৯ তম বহাগী উৎসৱ

দুটা বছৰৰ পাছত ব'হাগী উৎসৱ উদযাপন কৰিবলৈ পায় খুবেই আনন্দিত গাঁওবাসী । ইফালে দৰংগিপাৰা গাঁৱৰ জীয়ৰী তথা বৰ্তমানৰ কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বহাগী উৎসৱ উপভোগ কৰি আনন্দত আত্মহাৰা হৈ পৰে । তেওঁ কয় যে, নিজৰ গাঁৱখনত এনেদৰে বিহু উপভোগ কৰাটো তেওঁৰ বাবে সৌভাগ্য । লগতে ৰাইজৰ ভালৰ বাবে কাম কৰি যোৱাৰ কথা উল্লেখ কৰাৰ উপৰিও এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে সদায় সমাজৰ স্বাৰ্থত সেৱা কৰি যাব বুলি মন্তব্য কৰে বৰ্ণালী ডেকাই ।

লগতে পঢ়ক: জনীয়াৰ চানপুৰ গাঁৱত ৰাইজৰ জালত গভাইত চোৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.