ETV Bharat / state

ভোগালীৰ আয়োজনৰ মাজতে উপাৰ্জনৰ বাট বিচাৰি পালে গাঁওবাসীয়ে

author img

By

Published : Jan 10, 2022, 10:07 PM IST

ভোগালীক আদৰাৰ বিশেষ ব্যস্ততা চলিছে সমগ্ৰ ৰাজ্যতে ৷ ইয়াৰ মাজতে নলবাৰীৰ জাপজাপকুছি গাঁৱৰ ৰাইজে ভোগালীৰ আয়োজনৰ মাজতে উলিয়ালে উপাৰ্জনৰো বাট (Bhogali jalpan became earning source for villagers) ৷

bhogali-jalpan-became-earning-source-for-villagers-of-japjapkuchi-nalbari
ভোগালীৰ আয়োজনৰ মাজতে উপাৰ্জনৰ বাট বিচাৰি পালে গাঁওবাসীয়ে

নলবাৰী, 10 জানুৱাৰী : নলবাৰীৰ এখন বিশেষ গাঁও জাপজাপকুছি ৷ ৰাজ্যৰ আন প্ৰতিখন গাঁৱৰ দৰে এই গাঁৱতো এতিয়া চলিছে ভোগালীৰ আয়োজন (Bhogali bihu preparation in Assamese village) ৷ গাঁওখনৰ প্ৰতিঘৰ মানুহ ব্যস্ত হৈ পৰিছে ভোগালী জলপান প্ৰস্তুত কৰাত৷ পিছে, অইন গাঁৱৰ দৰে কেৱলমাত্ৰ ভোগালীৰ ৰং ৰহইচতে ব্যস্ত নহয় জাপজাপকুছিবাসী ৷ ভোগালীৰ আনন্দৰ লগতে দু-পইচা অৰ্জনৰো বাট-বিচাৰি লৈছে গাঁওবাসীয়ে (Bhogali jalpan became earning source for villagers) ৷

মূলত গাঁওখনৰ উদ্যমী যুৱক মহেশ কলিতাই নিজ পৰিয়ালৰ লগতে আন দহ পোন্ধৰ গৰাকী লোককো সংস্থাপন দিছে নিজৰ উদ্যমী গুণৰ বলত ৷ গাঁওবাসীৰ সৈতে মিলি কলিতাই ভোগালী বিহুৰ প্ৰায় এমাহ আগৰ পৰা পিঠাপনা, সান্দহ, বিভিন্ন লাড়ু, নাৰিকলৰ চিৰা আদি প্ৰস্তুত কৰি খানাপাৰা বজাৰৰ লগতে ভিন্ন স্থানত বিক্ৰী কৰে ৷ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা এই পিঠা-পনাই এতিয়া বজাৰতো লাভ কৰিছে বিশেষ সমাদৰ (Village made Bhogali jalpan in markets of Guawahati) ৷

প্ৰতি বছৰৰ দৰে এইবাৰো ভোগালী ভোগ প্ৰস্তুত কৰাত যুৱকজনে লৈছে বিশেষ পদক্ষেপ ৷ অঞ্চলটোৰ প্ৰায় দহ পোন্ধৰজনী মহিলা আৰু তিনি চাৰিজন যুৱকক লৈ এইবেলিও ভোগালী জলপান প্ৰস্তুত কৰি উলিয়াইছে কলিতাই ৷ এইবাৰ প্ৰায় তিশ চল্লিশ হাজাৰ পিঠা, লাড়ুৰ লগতে অন্যান্য ভোগালীৰ ভোগ প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ সুন্দৰভাৱে পেকেটিং কৰি মাত্ৰ ৬০ টকা প্ৰতি পেকেট হিচাপত বিক্ৰী কৰিবৰ বাবে সাজু হৈছে কলিতা তথা গাঁওবাসী ৷

লগতে পঢ়ক : নলবাৰীৰ প্ৰণামী এতিয়া বহুতৰ বাবে প্ৰেৰণাৰ উৎস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.