ETV Bharat / state

মাঘ বিহুৰ মাজতে উখল মাখল বটদ্ৰৱাৰ পৰিৱেশ

author img

By

Published : Jan 14, 2020, 10:41 AM IST

মঙলবাৰে ভোগালীৰ উৰুকাৰ বাবে উখল-মাখল সমগ্ৰ ৰাজ্য ৷ বটদ্ৰৱাৰ কুঁজীবিল,শান্তিজান,ৰৌমাৰীকে ধৰি স্থানীয় বজাৰ দখল কৰিছে বিভিন্ন বিলৰ মাছে ৷ পছন্দৰ মাছৰ সোৱাদ লবলৈ নগাঁও,মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোকে ভিৰ কৰিছে বটদ্ৰৱা বজাৰত ।

বটদ্ৰৱা
উখল-মাখল বটদ্ৰৱা

বটদ্ৰৱা,14 জানুৱাৰীঃ মঙলবাৰে ৰাজ্যবাসীৰ বহু প্ৰত্যাশিত ভোগালী বিহুৰ উৰুকা ৷ সেইসূত্ৰে ৰাজ্যৰ প্ৰতিখন বজাৰ দখল কৰিছে বিভিন্ন ভোগৰ সামগ্ৰীয়ে ৷ পুৱাৰ পৰা পৰিলক্ষিত হৈছে গ্ৰাহকৰ অভাৱনীয় ভিৰ ৷ ৰাজ্যৰ আন স্থানৰ বজাৰৰ দৰে একে দৃশ্য দেখা গৈছে বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান বজাৰত ৷ সম্প্ৰতি প্ৰতিখন ভোগালীৰ বজাৰত উপলব্ধ হৈছে ৰৌ,চিতল,বৰালী আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ ।

উখল-মাখল বটদ্ৰৱা

বটদ্ৰৱাৰ কুঁজীবিল,শান্তিজান,ৰৌমাৰীকে ধৰি স্থানীয় বজাৰ দখল কৰিছে বিভিন্ন বিলৰ মাছে ৷ পছন্দৰ মাছৰ সোৱাদ লবলৈ নগাঁও,মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোকে ভিৰ কৰিছে বটদ্ৰৱা বজাৰত । চাহিদা অনুসৰি বজাৰখনত ৰৌ ৫০০ টকা,ভকুৱা ৪০০ টকা,বৰালি ৮০০টকা,আঁৰি ৮০০ টকা,চিতল ৭০০ টকা,হাঁহৰ যোৰা ১২০০ টকা,কুকুৰা ৩৫০ টকা মূল্যত বিক্ৰী হৈ আছে ৷ ইপিনে নিশাৰে পৰা অগণন ক্ৰেতা-বিক্ৰেতাৰ উপস্থিতিত উখল-মাখল পৰিৱেশ সৃষ্টি হৈছে বজাৰত ৷

লগতে চাওকঃউৰুকাৰ প্ৰাকক্ষণত বঙাইগাঁৱৰ তামৰঙা বিলত এতিয়া মাছৰ উজান

Intro:বটদ্ৰৱাত উৰুকাৰ বজাৰত উভৈনদী মাছ। ৰৌ, চিতল, বৰালী কিনিবলৈ হেতা উপৰা গ্ৰাহকৰ।
Body:আজি অসমীয়াৰ বাপতিসাহোন ভোগালীৰ উৰুকা। উৰুকাৰ নিশা মাছে মঙহে এসাঁজ খাবলৈ বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান বজাৰত বজাৰত গ্ৰাহকৰ ভিৰ। কোনোৱে যদি কিনিছে হাহ, কোনোৱে আকৌ কিনিছে প্ৰকাণ্ড ৰৌ। মুঠৰ ওপৰত ভোগালীৰ বজাৰত উপলব্ধ হৈছে ৰৌ, চিতল, বৰালী আদি বিভিন্ন প্ৰজাতিৰ মাছ। বটদ্ৰৱাৰ কুঁজি বিল, শান্তিজান, ৰৌমাৰী বিভিন্ন বিলৰ মাছে ভৰি পৰাত সেই মাছৰ সোৱাদ লবলৈ নগাঁও মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ গ্ৰাহকৰ ভিৰ কৰিছ। ৰৌ ৫০০ টকা, ভকুৱা ৪০০ টকা, বৰালি ৮০০ টকা, আৰি ৮০০ টকা, চিতল ৭০০ টকা, হাহৰ যোৰা ১২০০ টকা, কুকুৰা ৩৫০ টকা দৰত বিক্ৰী হৈছে বটদ্ৰৱাৰ ভোগালী বজাৰত। এনেদৰে নিশাৰে পৰা অগনন ক্ৰেতা বিক্ৰেতাৰ উপস্থিতত উখল মাখল পৰিৱেশৰ মাজত আমাৰ এক বিশেষ প্ৰতিবেদন ।_____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.