ETV Bharat / state

Pathaan Controversy: পাঠানৰ বিৰুদ্ধে নলবাৰীত দুই হিন্দুত্ববাদী সংগঠনৰ এজাহাৰ দাখিল

author img

By

Published : Jan 24, 2023, 8:35 PM IST

বুধবাৰে মুক্তি পাবলগীয়া পাঠান ছবিৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ ৷ অসমৰ ছবিগৃহত পাঠান ছবিৰ প্ৰদৰ্শন বন্ধ কৰাৰো দাবী সংগঠন দুটাৰ ৷ পাঠানক কেন্দ্ৰ কৰি সমগ্ৰ দেশতেই অব্যাহত আছে বিতৰ্ক ৷

Etv Bharatপাঠানৰ বিৰুদ্ধে নলবাৰীত দুই হিন্দুত্ববাদী সংগঠনৰ এজাহাৰ দাখিল
পাঠানৰ বিৰুদ্ধে নলবাৰীত দুই হিন্দুত্ববাদী সংগঠনৰ এজাহাৰ দাখিল

নলবাৰী, 24 জানুৱাৰী: শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠান(Pathaan controversy) ছবিক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত থকাৰ সময়তে নলবাৰীত বিশ্ব হিন্দু পৰিষদ(Vishwa Hindu Parishad) আৰু বজৰং দলে((Bajrang Dal) পাঠানৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ ৷ টিহু আৰক্ষী থানাত পাঠানৰ লগতে ছবিগৃহসমূহত পাঠানৰ প্ৰদৰ্শনী বন্ধ কৰিবলৈয়ো দাবী সংগঠন দুটাৰ ৷

সম্প্ৰতি, বুধবাৰে অৰ্থাৎ কাইলৈ মুক্তি পাবলগীয়া বলীউডৰ ছবি পাঠানে সমগ্ৰ দেশতে লগাইছে তোলপাৰ । পাঠানৰ ডেম' স্ক্ৰীনিঙত দীপিকাই গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰাক লৈ বিশেষকৈ ৰোষত পৰিছে হিন্দুত্ববাদী দল সংগঠনৰ । গেৰুৱা বস্ত্ৰ পৰিধানক লৈ হিন্দু ধৰ্মত আঘাত হনাৰ অভিযোগ উত্থাপিত হৈছে ছবিখনৰ বিৰুদ্ধে । যাৰ বাবে ছবিখনক লৈ প্ৰতিদিনে সৃষ্টি হৈ আছে বিতৰ্কৰ ।

ছবিখন মুক্তিৰ পূৰ্বেই অসমতো বিশ্ব হিন্দু পৰিষদ, বজৰং দলকে ধৰি হিন্দুত্ববাদী বিভিন্ন দলে প্ৰতিবাদ কৰাৰ মাজতে মহানগৰীৰ নাৰেংগীস্থিত গ’ল্ড চিনেমা হলত পাঠানৰ বেনাৰ পোষ্টাৰ ফালি জ্বলাই দিছিল । তাৰ পিছতে অসমতো অধিক বিতৰ্কত সোমাই পৰিছে ছবিখন(Pathaan controversy in Assam) ।

বিতৰ্ক চলি থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো সংবাদ মাধ্যমৰ আগত শ্বাহৰুখ খানক চিনি নাপাও বুলি কোৱাৰ পিচত ৰাষ্ট্ৰীয় পৰ্যায়তো হৈছিল ব্যাপক চৰ্চা(Assam CM on Pathaan controversy) । মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্যৰ পিচতে নিশা 2 বজাত শ্বাহৰুখ খানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি গুৱাহাটীৰ সমগ্ৰ ঘটনাৰ বুজ লোৱাত মুখ্যমন্ত্ৰী গৰাকীয়েও নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰে ৷ এই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত অৱগত কৰাৰ পিচতে পুনৰ সৃষ্টি হৈছিল হৈ-চৈৰ ।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোৱে আইন-শৃংখলা ভংগ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক সংবাদমেলত উল্লেখ কৰিছিল যদিও সোমবাৰে পুনৰ পাঠানৰ প’ষ্টাৰ বা বিৰোধিতা কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব পৰা কোনো আইনী ধাৰা নাই বুলি উল্লেখ কৰে ৷

ইয়াৰ বিপৰীতে, ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি সি সিঙে পাঠান ছবি প্ৰদৰ্শনৰ সময়ত যাতে কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে ইতিমধ্যে জিলা সমূহৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰদান কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ মুঠৰ ওপৰত এতিয়া দেশৰ লগতে অসমতো ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে পাঠান ছবি ৷

লগতে পঢ়ক: Pathaan Controversy: পাঠানৰ প’ষ্টাৰ ফালিলেও লোৱা নহয় আইনগত ব্যৱস্থা: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.