নলবাৰী, 12 ডিচেম্বৰ : ৰাজ্যত পূৰ্ণ গতিত চলিছে 'হৰ ঘৰ দস্তক' শীৰ্ষক অভিযানৰ অধীনত ক’ভিড টীকাকৰণ(Har ghar dastak in Assam) ৷ প্ৰতিষেধক গ্ৰহণ নকৰা বহুজনক ঘৰে ঘৰে চৰকাৰী বিষয়া কৰ্মচাৰীৰ দলে গৈ প্ৰদান কৰিছে ভেকচিন ৷ এনে সময়তে ৰাজ্যজুৰি সৃষ্টি হৈছে বিভিন্ন আমোদ জনক ঘটনা ৷ এইবাৰৰ সমুখলৈ আহিছে ভেকচিন ল’বলৈ সৈমান নোহোৱা এজন বাবাৰ খবৰ ৷
বাবা যথেষ্ট ব্যতিক্ৰমী চৰিত্ৰৰ মানুহ ৷ ব্যতিক্ৰম বাবাই ভেকছিন লোৱাৰ বিনিময়ত সমুখত ৰখা চৰ্তও সেয়ে ব্যতিক্ৰম ৷ এলা পেছা মানুহ নহয় মুকালমুৱাৰ আদাবাৰীস্থিত শিৱ বাবাৰ শক্তি মন্দিৰৰ(Siv mandir in Mukalmua) এই বাবা বাপকণ কলিতা ৷ তেওঁ নিজেই প্ৰকাশ কৰিছে যে, স্বয়ং ইশ্বৰে তেওঁক বিশেষ কামৰ বাবে শক্তি প্ৰদান কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছে আৰু ভেকছিন ল’লেই তেওঁৰ মৃত্যু হ’ব ৷
পিছে এই কথা তেওঁ কেনেকৈ ক’ত গম পালে সেয়া আমাক বা আপোনাক তেওঁ নজনায় জনাব, একমাত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকহে ৷ গতিকে বাবাই চৰ্ত ৰাখিলে যে, স্বয়ং মুখ্যমন্ত্ৰীৰ উপস্থিতিত হে তেওঁ ল’ব কভিড ভেকছিন ৷ তাৰ বাবেই মুখ্যমন্ত্ৰী জনলৈ আহ্বান জনাই এখন চিঠিও লিখি উলিয়ালে বাবাই ৷ তেওঁৰ এই বিশেষ শক্তিৰ কথা প্ৰচাৰৰ বাবে সাংবাদিকক আহ্বান জনাই তেওঁ ক’লে যে, মুখ্যমন্ত্ৰী গৰাকীৰ ভালৰ বাবে তেওঁ নিতৌ কৰে পূজা অৰ্চনা ৷
অৱশ্যে, বাবাৰ এই চৰ্ত নামানি প্ৰশাসনৰ লোকে তেওঁক প্ৰদান কৰিলে ক’ভিড ভেকছিন ৷ ইয়াৰ পিছতে খঙত অগ্নি শৰ্মা হৈ পৰে বাপকণ বাবা ৷ খঙৰ ভমকত বাবাই ক’লে এইবাৰ তেওঁ নিজেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব ৷ আনকি তেওঁৰ বিশেষ শক্তিৰ কথা চিন্তা নকৰি তেওঁক বেজি প্ৰদান কৰাৰ খবৰ প্ৰচাৰ নকৰিলে বিশেষ শক্তিৰ ফালৰ পৰা অহা পৰিণামৰ বাবেও সাজু হ’বলৈ সকীয়াই দিলে বাবাই ৷
লগতে পঢ়ক : Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন