নলবাৰী,22ডিচেম্বৰ: আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উদ্যোগত আৰু বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত ড্ৰাগছ বিৰোধী সপ্তাহৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । ঘগ্ৰাপাৰ অঞ্চলৰ বনভাগ মহাবিদ্যালয়ৰ ড0 ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সভাখন ৷ এই সভাখনৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ নেতা তথা নলবাৰী উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা আৰু উদ্দেশ্য বাখ্যা কৰে জিলাখনৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে । উক্ত সজাগতা সভা খনত উপস্থিত থাকে শতাধিক ছাত্ৰ-ছাত্ৰী আৰু সাধৰণ ৰাইজ ৷

সভা খনত চি.আই (বেলশৰ)জিতেন্দ্ৰ সিং, বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা, প্ৰৱক্তা প্ৰাণজিৎ বুজৰবৰুৱাই ড্ৰাগছৰ পৰা হোৱা ভয়াৱহতাৰ ওপৰত আলোকপাত কৰে । ভাষণ প্ৰসংগত চি আই জিতেন্দ্ৰ সিঙে কয় যে, ড্ৰাগছৰ বাবে মানৱ সমাজ ধ্বংসৰ গৰাহত পৰিছে । ড্ৰাগছে যুৱ প্ৰজন্মক মৃত্যুৰ পথলৈ লৈ গৈ আছে ৷ গতিকে ড্ৰাগছৰ পৰা আঁতৰি সুন্দৰ জীৱন যাপন কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় জিতেন্দ্ৰ সিঙে ।
অন্য এক খবৰৰ বাবে: গৌৰীসাগৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ অভিযোগ