ETV Bharat / state

মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন আছুৰ - চিকিৎসাধীন

নলবাৰীত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন আছুৰ ৷ আদৰ্শ চিকিৎসালখনত উপস্থিত হৈ আছুৰ বিষয়ববীয়া সকলে চিকিৎসক কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয়খনৰ গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে অবাগত হয় ৷

assu-visit-mahatma-gandhi-ideal-medical-nalbari
মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন আছু
author img

By

Published : May 22, 2021, 10:29 PM IST

নলবাৰী, 22 মে': সমগ্ৰ দেশতে এতিয়া কভিড'ৰ সত্ৰাস । কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌ চলি আছে । সকলো ফালে কেৱল কৰ’ণা মহামাৰীত মৃত্যুৰ কিৰিলি ৷ তাৰ মাজতে যোৱা ২২ মে’ পুৱা নলবাৰী জিলাৰ খাতিকুছিৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক ৰিয়াজউদ্দিন আহমেদৰ নেতৃত্বত এট সজাতি দল গৈ পৰিদৰ্শন কৰে ।

সজাতি দলটোত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতা, সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা, সমাজকৰ্মী বাবুল বসুমতাৰী, পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰেকিবুদ্দিন আহমেদ, সহ সাধাৰণ সম্পাদক শংকৰ কলিতা উপস্থিত থাকে ।

বিগত ২১ মে'ত চিকিৎসালয় খনৰ ভিতৰত থকা এগৰাকী ক’ভিড ৰোগীয়ে সামাজিক মাধ্যমত চিকিৎসালয়খনৰ বিভিন্ন দিশত ওপৰত কেতবোৰ গুৰুতৰ অভিযোগ তোলাৰ পিছতে সজাতি দলটোৱে ৰাতিপুৱাৰ ভাগত চিকিৎসালয়খনত উপস্থিত হয় ।

৪৫ খন বিচনাযুক্ত আদৰ্শ চিকিৎসালখনত উপস্থিত হৈ সজাতি দলটোৱে অধীক্ষক ডাঃ শৈলেন্দ্ৰ ঠাকুৰীয়া, মডেল বিষয়া ডাঃ আনোৱাৰ হুছেইনৰ লগতে আন আন চিকিৎসক কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয়খনৰ গুৰুত্বপূৰ্ণ সমস্যা যেনে ক’ভিড ৰোগীৰ বিশুদ্ধ খোৱা পানীৰ সমস্যা, ৰোগী অনুপাতে চিকিৎসক, নাৰ্চ, পেৰামেডিকেল ষ্টাফৰ সমস্যা, প্ৰয়োজন অনুপাতে স্নানাগাৰৰ সমস্যা, শৌচালয়, প্ৰস্ৰাৱগাৰৰ সমস্যা, ৰোগীৰ খাদ্য সমস্যা আদিৰ বিষয়ে অবাগত হয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদে এখন আদৰ্শ চিকিৎসালয়ত ৰোগী অনুপাতে চিকিৎসক, নাৰ্চ, কৰ্মচাৰী নথকাটো অতি দুৰ্ভাগ্যজনক বুলি মত পোষণ কৰে । এগৰাকী ক’ভিড ৰোগীয়ে চিকিৎসালয়খনৰ ফোপোলা স্বৰূপ দাঙি ধৰাতো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবে অতি লাজৰ বিষয় বুলি তেওঁ কয় ।

চিকিৎসালয়খনত ৩৫ গৰাকীৰো অধিক ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ পাছতো চিকিৎসালয়খনৰ বিভিন্ন দিশটো জিলাখনৰ স্বাস্থ্য বিভাগে এতিয়ালৈকে পৰ্যবেক্ষণ নকৰা কাৰ্য অতি গৰিহণাৰ যোগ্য বুলি কয় ছাত্ৰ নেতাজনে ।

আনহাতে জিলাখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰ্চেনিকযুক্ত পানীৰ সম্ভেদ পোৱাৰ পাছতো কিদৰে এখন আদৰ্শ চিকিৎসালয়ৰ ক’ভিড ৰোগীসকলক আইৰণ যুক্ত পানী দি পানীৰ নামত বৰ বিষ খুৱাই আছে বুলি তেওঁ স্বাস্থ্য বিভাগক প্ৰশ্ন কৰে ।

ছাত্ৰ নেতাগৰাকীয়ে অতিশীঘ্ৰে চিকিৎসালয়খনত দেখা দিয়া চিকিৎসাজনিত সমস্যাৰ লগতে বৈষয়িক সমস্যাসমুহ সমাধান কৰাৰ বাবে জিলা উপায়ুক্তৰ লগতে স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালকক দাবী জনাইছে ।

লগতে পঢ়ক: অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক শুভেচ্ছা বাক্সা জিলা এবছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.