ETV Bharat / state

নলবাৰীত সৰ্প দংশনত মহিলাৰ মৃত্যু - বানপানীৰ তাণ্ডৱ

নলবাৰীত সৰ্প দংশনত এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছা পেলাইছে ৷ নলবাৰী জিলাৰ পশ্চিম নলবাৰীত সংঘটিত হৈছে এই ঘটনা ৷ সন্ধিয়া বেল গছৰ তলত চাকি-ধূপ জ্বলাই থাকোঁতে মহিলা গৰাকীক দংশন কৰে বিষাক্ত সাপে ।

woman dies of snake bite in Assam Nalbari
নলবাৰীত সৰ্প দংশনত মহিলাৰ মৃত্যু
author img

By

Published : Aug 4, 2020, 5:08 PM IST

নলবাৰী, 4 আগষ্ট : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে নলবাৰীত সৰ্প দংশনত এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷ নলবাৰী জিলাৰ পশ্চিম নলবাৰীত সংঘটিত হৈছে এই ঘটনা ৷

ঘটনাৰ বিৱৰণ অনুসৰি, শাওণ মাহৰ পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা মহাদেৱক আৰাধনা কৰিবলৈ গৈ নিশা সৰ্প দংশনত মৃত্যু হয় মহিলা গৰাকীৰ ৷ মৃত মহিলা গৰাকী শচিন ৰাজবংশীৰ পত্নী দিপালী ৰাজবংশী বুলি জানিব পৰা গৈছে ৷ সন্ধিয়া বেল গছৰ তলত দিপালীয়ে চাকি-ধূপ জ্বলাই থাকোঁতে দংশন কৰে বিষাক্ত সাপে । পৰৱৰ্তী সময়ত মহিলা গৰাকীক বেজৰ ওচৰলৈ লৈ যায় যদিও বেজালি চলি থকাৰ সময়তে মহিলা গৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

নলবাৰীত সৰ্প দংশনত মহিলাৰ মৃত্যু

উল্লেখ্য যে, সহজ-সৰল মহিলা গৰাকী অঞ্চলটোৰ সকলোৰে প্ৰিয় আছিল ৷

লগতে পঢ়ক : অসমীয়া মানুহে নামঘৰত চাকি জ্বলালে কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয়ঃ কৃষক মুক্তি সংগ্ৰাম সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.