নলবাৰী, 15 মেঃ নলবাৰীত উপস্থিত হয় পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ জিলা খনত সাজু কৰা কোৱাৰেন্টাইন কেন্দ্ৰ সমুহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হয় জয়ন্ত মল্ল বৰুৱা ৷
নলবাৰীৰ কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন জয়ন্ত মল্ল বৰুৱাৰ ৷ কোৱাৰেন্টাইন কক্ষ সমুহ পৰিদৰ্শন কৰাৰ পিছতে সাংবাদিকৰ আগত কেইবাটাও মন্তব্য কৰে ৷ তেঁও কয় যে বহিঃৰাজ্যৰ পৰা অহা নলবাৰী জিলাৰ লোক সকলৰ বাবে নলবাৰীৰ ভিন্ন প্ৰান্তত কোৱাৰেন্টাইন কক্ষ সাজু কৰা হৈছে ৷ কোভিদ ১৯ৰ বাবে সম্পুৰ্ণভাৱে সাজু হৈ উঠিছে জিলা প্ৰশাসন । নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত সাজু কৰা কোৱাৰেন্টাইন কক্ষও পৰ্যবেক্ষণ কৰে বিজেপিৰ মুখপাত্ৰ ও পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । বিদ্যালয় খনত সাজু কৰা কক্ষত ২৫০ জন লোকৰ থকাৰ ব্যৱস্থা কৰিছে । বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে বিদ্যালয় খনত উপস্থিত হৈ কোৱাৰেন্টাইন কক্ষৰ সা-সুবিধাৰো বুজ লয় । উল্লেখযোগ্য যে, জিলাখনৰ পৰা কৰ্মসুত্ৰে ভাৰতৰ বিভিন্ন ৰাজ্যত ৪০০০ তকৈ অধিক লোক বহিঃৰাজ্যত আছে ৷ আৰু তেঁওলোক নলবাৰীলৈ বিভিন্ন মাধ্যমৰে ঘৰলৈ ওভতি আহিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা নলবাৰীৰ থকা সংস্কৃত বিশ্ববিদ্যালয়কে ধৰি মহিলাৰ বাবে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়, পলিটেকনিক ইনষ্টিটিউটৰ লগতে বিভিন্ন প্ৰান্তত ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে ৷ ইয়াৰ উপৰিও জয়ন্ত মল্ল বৰুৱাৰ সৈতে জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়েও উপস্থিত থাকে ৷ উপায়ুক্ত গৰাকীয়ে বহিঃৰাজ্যত ১০০০০ তকৈ অধিক লোক আবদ্ধ হৈ আছে যদিও চৰকাৰী হিচাপত ইয়াৰে ভিন -ভিন অঞ্চলৰ লোক বুলি সদৰি কৰে ৷ নলবাৰীৰ বৰক্ষেত্ৰীৰ বহু অঞ্চলৰ বহু লোক বহিঃৰাজ্যত আবদ্ধ হৈ আছে । আৰু এইসকল লোক ওভতি অহাৰ পিছত মাদ্ৰাছাকে ধৰি বিভিন্ন স্কুল - কলেজত ৰখাৰ ব্যৱস্থা কৰিব বুলি জিলা উপাযুক্তই সদৰি কৰে । আনহাতে বহিঃৰাজ্যত থকা লোক সকল যদি থকা ঠাইত কোনো অসুবিধা হোৱা নাই তেনেহলে সেই ঠাইতে থাকিবলৈ আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে ৷
লগতে পঢ়ক- কোভিড 19ৰ ভাৰতৰ সামগ্ৰীক তথ্য