নলবাৰী,3 মাৰ্চ: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহনত কৰা আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে ৰাজ্যজুৰি সাব্যস্ত হোৱা বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৷
এই আক্ৰমণত বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি আক্ৰমণকাৰী বিজেপি কৰ্মীসকলক গ্ৰেপ্তাৰৰ দাবীত উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷

জিলাখনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত সমবেত হৈ আক্ৰমণকাৰীক আৰক্ষীয়ে আটক নকৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি গণতন্ত্ৰক ৰক্ষা কৰা আৰু নিৰ্বাচন ন্যায়পূৰ্ণভাৱে পৰিচালনা কৰাৰ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ৷ লগতে উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
অভিযোগ অনুসৰি, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু পুলকেশ বৰুৱাৰ বাহনত বিগত 28 ফেব্ৰুৱাৰীত নলবাৰীৰ বৰভাগ-কালাগত একাংশ বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে ৷ বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে অসম জাতীয় পৰিষদে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় ৷