ETV Bharat / state

জেহাদী সংগঠনৰ বিৰোধিতা গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

author img

By

Published : Aug 2, 2019, 11:35 PM IST

অসমক ইছলাম ৰাষ্ট্ৰ হ'বলৈ নিদিয়াৰ হুংকাৰ সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

জেহাদী সংগঠনৰ বিৰোধিতা

নলবাৰী, 2 আগষ্টঃ ঐক্য সম্প্ৰীতিৰ ৰাজ্য অসমক জেহাদী সংগঠনে ইছলামিক ৰাষ্ট্ৰ বনাবলৈ যি অপচেষ্টা চলাই আছে তাক প্ৰতিহত কৰিব মুছলমান সমাজে ৷ অসম কোনো মুছলমান জেহাদীৰ দুষ্কাৰ্য সৈতে জড়িত নহয় ৷ এই দাবী সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ৷ শুকুৰবাৰে নলবাৰীত আয়োজিত এক সংবাদ মেলত সংগঠনটোৱে অসমৰ পৰা জেহাদী সংগঠন সমূহক উৎখাত কৰাৰ দাবী জনায় সংগঠনটোৱে ৷ সংবাদ মেল খনত সংগঠনটোৱে অতি সংগোপনে উগ্ৰপন্থী কাৰ্যকলাপ চলাই ৰাজ্যখনত জেহাদ সৃষ্টিৰ চেষ্টা চলোৱা উগ্ৰপন্থী জামাতউল মুজাহিদিন বাংলাদেশ,হিজবুল মুজাহিদিনকে ধৰি আটাইবোৰ জেহাদী সংগঠনক উৎখাত কৰাৰ দাবী জনায় ৷

জেহাদী সংগঠনৰ বিৰোধিতা

সংবাদ মেলত বক্তব্য প্ৰদান কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক মইনুল হ'কে কয় যে হাৱালাৰ জৰিয়তে বহিঃ ৰাষ্ট্ৰৰ পৰা পৰা ধন যোগান ধৰি একাংশ বিদেশী ৰাষ্ট্ৰই সন্ত্ৰাসবাদী সংগঠনসমূহক সহায় কৰি আহিছে ৷ হাৱালাৰ জৰিয়তে যাতে অসম তথা ভাৰতবৰ্ষলৈ উগ্ৰপন্থীৰ নামত ধন নাহে তাৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীক্ষ্ন নজৰ ৰখাৰ বাবে আহ্বান জনায় সাধাৰণ সম্পাদকজনে ৷ ভাৰত ৰাষ্ট্ৰক অস্থিৰ কৰি তুলিবলৈ ৰাজ্যখনত সক্ৰিয় হৈ থকা মৌলবাদী সংগঠনসমূহক উৎখাত কৰিবলৈ মইনুল হ'কে চৰকাৰৰ ওচৰত বাৰে বাৰে দাবী জনায় ৷

বিয়লি চাৰি বজাত অনুষ্ঠিত সংবাদ মেলখনত সাহিত্যিক ৰফিউল হুচেইন বৰুৱা, সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চায়েফ আলী,নলবাৰী জিলা সমিতিৰ সভাপতি আজাদ আলী,সম্পাদক হাৰেজ আলী,মুখ্য উপদেষ্টা মেহবুব আলী,প্ৰচাৰ সম্পাদক জোন আহমেদ,নুৰুল হ'ক, কামৰূপ জিলা সমিতিৰ সভাপতি তাৰিকুল হুচেইনকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে৷

Intro:অসমক ইছলাম ৰাষ্ট্ৰ হ'বলৈ নিদিয়াৰ হংকাৰ ৷

সকলো জেহাদী সংগঠনক পুলি পোখাই উচ্ছেদৰ দাবী গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ৷Body:

ঐক্য সম্প্ৰীতিৰ ৰাজ্য অসমক জেহাদী সংগঠনে ইছলামিক ৰাষ্ট্ৰ বনাবলৈ যি অপচেষ্টা চলাই আছে তাক প্ৰতিহত কৰিব মুছলমান সমাজে৷ অসমৰ কোনো মুছলমান জেহাদীৰ দুস্কাৰ্যৰ সৈতে জড়িত নহয়৷ এই দাবী সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ৷আজি নলবাৰীত আয়োজিত এক সংবাদ মেলত সংগঠনটোৱে অসমৰ পৰা জেহাদী সংগঠন সমূহক পুলি পোখালি উৎখাৎ কৰাৰ দাবী জনায়৷ নলবাৰী জিলা প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেল খনত সংগঠনটোৱে অতি সংগোপনে উগ্ৰপন্থী কাৰ্যকলাপ চলাই ৰাজ্যখনত জেহাদ সৃষ্টিৰ চেষ্টা চলোৱা উগ্ৰপন্থী জামাতউল মুজাহিদিন বাংলাদেশ,হিজবুল মুজাহিদিনকে ধৰি আটাইবোৰ জেহাদী সংগঠনক সমুলঞ্চে উৎখাৎ কৰাৰ দাবী জনায়৷সংবাদ মেলত বক্তব্য প্ৰদান কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক মইনুল হ'কে কয় যে হাৱালাৰ জৰিয়তে বহিঃ ৰাষ্ট্ৰৰ পৰা পৰা ধন যোগান ধৰি একাংশ বিদেশী ৰাষ্ট্ৰই সন্ত্ৰাসবাদী সংগঠনসমূহক সহায় কৰি আহিছে৷হাৱালাৰ জৰিয়তে যাতে অসম তথা ভাৰতবৰ্ষলৈ উগ্ৰপন্থীৰ নামত ধন নাহে তাৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীক্ষ্ণ নজৰ ৰখাৰ বাবে আহ্বান জনায়৷ভাৰত ৰাষ্ট্ৰক অস্থিৰ কৰি তুলিবলৈ অহৰহ চেষ্টা চলাই অহা এনে সন্ত্ৰাসবাদী সংগঠনসমূহে ইছলামৰ বাণী আওৰাই ইছলাম ধৰ্মটোকে কলংকিত কৰাৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ উগ্ৰপন্থীৰ কোনো জাতি, ধৰ্ম নাই বুলি উল্লেখ কৰি ইছলামৰ অৰ্থ বুজি নোপোৱা এনে সন্ত্ৰাসবাদী সংগঠনসমূহক ইছলামক আৰু কলংকিত নকৰিবলৈ সকীয়নি প্ৰদান কৰে৷ অসমৰ বিভিন্ন ঠাইত খোপনি পুতিবলৈ ধৰা এনে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলক চিনাক্ত কৰি কঠোৰ শান্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাই নেতাগৰাকীয়ে৷ইপিনে সংবাদ মেলত অংশ গ্ৰহণ কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা চেলিম আহমেদে অভিযোগ কৰি কয় যে বহিঃ ৰাষ্ট্ৰৰ জেহাদী সংগঠনসমূহে অতি সংগোপনে অসমত থিতাপি লৈ কিছুমান স্থানীয় যুৱকক সংগঠনসমূহৰ প্ৰতি প্ৰলোভিত কৰি জেহাদ বিয়পোৱাৰ চেষ্টা চলাই আহিছে৷ৰাজ্যখনত সক্ৰিয় হৈ থকা মৌলবাদী সংগঠনসমূহক উৎখাৎ কৰিবলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়৷ বিয়লি চাৰি বজাত অনুষ্ঠিত সংবাদ মেলখনত সাহিত্যিক ৰফিউল হুচেইন বৰুৱা, সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চায়েফ আলী,নলবাৰী জিলা সমিতিৰ সভাপতি আজাদ আলী,সম্পাদক হাৰেজ আলী,মুখ্য উপদেষ্টা মেহবুব আলী,প্ৰচাৰ সম্পাদক জোন আহমেদ,নুৰুল হ'ক, কামৰূপ জিলা সমিতিৰ সভাপতি তাৰিকুল হুচেইনকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.