ETV Bharat / state

বৈদ্যনাথ বাবা ধাম অভিমুখে নলবাৰীৰ ভক্তৰ যাত্ৰা - ঝাৰখণ্ডস্থিত

নলবাৰীৰ পৰা ঝাৰখণ্ডস্থিত বৈদ্যনাথ বাবা ধাম দৰ্শনৰ বাবে যাত্ৰা আৰম্ভ ভক্তৰ। অমৰ নাথ ভোলে সেৱা দলৰ উদ্যোগত ৩০ গৰাকী ভক্তই বাছেৰে যাত্ৰা কৰিছে ঝাৰখণ্ডলৈ। মহাদেৱৰ নৱম জ্যোতি লিংগ দৰ্শনৰ বাবে ৰাওনা হৈছে তীৰ্থযাত্ৰী দলটো।

বৈদ্যনাথ বাবা ধাম অভিমুখে নলবাৰীৰ ভক্তৰ যাত্ৰা

author img

By

Published : Nov 6, 2020, 3:09 PM IST

নলবাৰী, ৬ নৱেম্বৰ: ৰাজ্য চৰকাৰৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত ঝাৰখণ্ডস্থিত বৈদ্যনাথ বাবা ধাম অভিমুখে বৃহস্পতিবাৰে যাত্ৰা আৰম্ভ কৰিছে নলবাৰীৰ এটা তীৰ্থযাত্ৰীৰ দলে। গোপাল বজাৰ দুৰ্গা মন্দিৰৰ পৰা ৩০ গৰাকী ভক্তই বাছেৰে নলবাৰীৰ পৰা মহাদেৱৰ নৱম জ্যোতি লিংগ দৰ্শনৰ বাবে ঝাৰখণ্ডলৈ ৰাওনা হৈছে। অমৰ নাথ ভোলে সেৱা দলৰ উদ্যোগত যাত্ৰা কৰিছে তীৰ্থযাত্ৰীৰ দলটোৱে।

বৈদ্যনাথ বাবা ধাম অভিমুখে নলবাৰীৰ ভক্তৰ যাত্ৰা

অমৰ নাথ ভোলে সেৱা দলৰ সভাপতি বিষ্ণু সূত্ৰধৰ আৰু সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ হালৈয়ে প্ৰকাশ কৰিছে যে, অমৰ নাথ ভোলে সেৱা দলে নলবাৰীৰ পৰা ১৩ বাৰ অমৰ নাথ যাত্ৰা, ১৩ বাৰ বৈষ্ণু দেৱী মন্দিৰ যাত্ৰা, ১৩ বাৰ বাবা ধাম দৰ্শন কৰাৰ উপৰিও ভাৰত বৰ্ষত থকা বাবা ভোলানাথৰ ১২ ভাগ জ্যোতি লিংগ, চাৰি ধাম যাত্ৰা কৰাৰ লগতে ২০১৮ চনত কৈলাশ মানসৰবোৰ যাত্ৰাও কৰি আহিছে। এই সেৱা দলটোৱে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত ধৰ্মীয় অনুষ্ঠানসমূহত সেৱা আগবঢ়াই আহিছে।

বৃহস্পতিবাৰে এই যাত্ৰা উদ্বোধন কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ নলবাৰী জিলাৰ অধ্যক্ষ দ্বিজেন ভট্টাচাৰ্যই। লগতে উপস্থিত থাকে বিশিষ্ট চিকিৎসক কৈলাশ ডেকা, জাগৰা কলেজৰ অধ্যক্ষ নৱ ডেকা, বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলাৰ সহ-সম্পাদক মানস পাটগিৰি। উল্লেখ্য যে, কৰ'ণাৰ সংকট কালৰ মাজতে স্বাস্থ্যবিধি মানি জ্যোতি লিংগ দৰ্শনৰ বাবে ওলাইছে তীৰ্থযাত্ৰীৰ দলটো। ৰাজ্য চৰকাৰৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত এই যাত্ৰাৰ ক্ষেত্ৰত হোৱা ব্যয়ত যথেষ্ট ৰেহাই পাইছে ভক্তবৃন্দই।

লগতে পঢ়ক:JEE জালিয়াতি : 7 দিনৰ ন্যায়িক জিম্মালৈ কাকলি বুজৰবৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.