ETV Bharat / state

Assam floods: নলবাৰীত বাঢ়নী পানীত উটি গ'ল পকী দলং

author img

By

Published : Jun 17, 2022, 9:01 PM IST

ৰাজ্যৰ আন জিলাসমূহৰ লগতে নলবাৰী জিলাতো বান পৰিস্থিতিয়ে বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে(Flood in Nalbari district of Assam) ৷ নলবাৰীৰ ঘগ্ৰাপাৰত বাঢ়নী পানীয়ে উটুৱাই নিলে দামোদৰ ধাম পথ আৰু পকী দলং । যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিছে সাধাৰণ জনতাই ৷

Artificial Flood damaged Nalbari Bridge
Assam floods: নলবাৰীত বাঢ়নী পানীয়ে উটুৱাই নিলে দামোদৰ ধাম পথ-পকী দলং

নলবাৰী, 17 জুন : ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলা বুৰাই পেলাইছে বাঢ়নী পানীয়ে(Districts of Assam under water) । প্ৰৱল বৃষ্টিপাতৰ লগতে ভূমিস্খলনে ৰাজ্যত অধিক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে(Landslide in Assam)৷ আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে বহু লোক । বাঢ়নী পানীয়ে ইতিমধ্যে উটুৱাই নিছে কেইবাটাও পথ আৰু মথাউৰি ।

আন জিলাসমূহৰ লগতে নলবাৰী জিলাতো বান পৰিস্থিতিয়ে বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে(Flood in Nalbari district of Assam)৷ সম্প্ৰতি, বানৰ কৱলত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চল ৷ প্ৰৱল বৃষ্টিপাতৰ ফলত উটি গ'ল ঘগ্ৰাপাৰ কাটকীয়াস্থিত দামোদৰ ধাম পথৰ পৰা ঘগ্ৰাপাৰ চ'কৰ সংযোগী পকী দলঙৰ আগৰ অংশ ৷ বাঢ়নী পানীয়ে দলঙখন ছিঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ(Flood damaged Nalbari Bridge) ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁও বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ লগতে একাংশ পথ-দলং উটুৱাই নিয়া পৰিলক্ষিত হৈছে । কৃত্ৰিম বানে কালৰূপ ধাৰণ কৰাৰ ফলত ঘগ্ৰাপাৰ কাটকীয়াত দামোদৰ ধাম পথৰ প্ৰায় দুশ মিটাৰ ভাঙি-ছিঙি উতুৱাই নিয়াৰ লগতে ঘগ্ৰাপাৰ চ'কৰ সমীপৰ কুৰৰ ওপৰৰ পকীদলঙৰ মুৰ খহাই নিয়ে । কৃত্ৰিম বানে কালৰূপ ধাৰণ কৰাৰ ফলত সম্প্ৰতি শংকিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

লগতে পঢ়ক : Flood situation of Assam : ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.