ETV Bharat / state

নলবাৰীত কৃতিমানক প্ৰদান আনন্দৰাম বৰুৱা বঁটা - ভাৰত ভূষণ দেৱচৌধুৰী

নলবাৰীত বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতিমানক প্ৰদান কৰা হৈছে আনন্দৰাম বৰুৱা বঁটা ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷

anandaram baruah award nalbari assam etv bharat news
আনন্দৰাম বৰুৱা বঁটা প্ৰদান
author img

By

Published : Jun 23, 2020, 6:19 PM IST

নলবাৰী,23 জুন: নলবাৰী জিলাত 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হৈছে আনন্দৰাম বৰুৱা বঁটা ৷ এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে জিলাখনৰ মুকালমুৱাস্থিত ৰঘূনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা । জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে বিদ্যালয়খনত উপস্থিত হৈ উক্ত কাৰ্যসূচীত অংশগ্ৰহণেৰে ছাত্ৰ-ছাত্ৰীক লেপটপ প্ৰদানৰ লগতে মত বিনিময় কৰে ৷

anandaram baruah award nalbari assam etv bharat news
আনন্দৰাম বৰুৱা বঁটা প্ৰদান

উপায়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতাৰ্থত নিস্বাৰ্থ মানৱ সেৱা আগবঢ়োৱাৰ মানসিকতা গঢ়ি তোলাৰ আহ্বান জনায় । তেতিয়াহে ৰাজ্য বা দেশৰ উন্নতি সম্ভৱ বুলি মন্তব্য প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে । লগতে ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনাই উপায়ুক্ত দেৱচৌধুৰীয়ে ৷

আনহাতে,জিলাখনৰ আৰিকুছি মিলন হাইস্কুলতো ৰূপায়ণ কৰা হৈছে আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কাৰ্যসূচী ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোস্নাৰাণী বৰ্মন ৷ বিগত বৰ্ষত জিলাখনৰ 782 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰে ।

লগতে চাওকঃ আছুকৰ্মীয়ে ঘেৰাও কৰিলে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.