নলবাৰী, 4 জুন: নলবাৰী নাট্য মন্দিৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাংগঠনিক শ্বহীদ তুলু তালুকদাৰ আৰু শ্বহীদ দ্বীপজ্যোতি লহকৰ সোঁৱৰণী সদৌ অসম প্ৰাইজমানী কুইজ প্ৰতিযোগিতা ৷ এই কুইজ প্ৰতিযোগিতাৰ মাজতেই এখনি স্মৰণিকা "প্ৰহৰী" উন্মোচন কৰা হয় ৷
দেওবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইৰ লগতে আন কেইবাজনো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা উপস্থিত থাকে (AJYCP Reacts Over New Education Policy) ৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিয়ে আয়োজন কৰা এই কুইজ প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেবাটাও দলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত চৰকাৰে শিক্ষাৰ মাধ্যমক লৈ গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
চৰকাৰে শিক্ষাৰ মাধ্যমক লৈ গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তই অসমীয়া ভাষা ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে আনাগত সময়ত সংগঠনটোৱে বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে (Quiz Competition at Nalbari) ৷
অসম চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া চলাই নিবৰ বাবেই এনেদৰে অসমীয়া মাধ্যমত ইংৰাজী মাধ্যম জাপি দিব খুজিছে বুলি অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনতি পলমে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও মত ব্যক্ত কৰে ৷
উল্লেখযোগ্য যে, গণিত আৰু বিজ্ঞান বিষয়ক ইংৰাজী মাধ্যমেৰে ছাত্ৰ-ছাত্ৰী সকলক নতুন শিক্ষানীতিৰ আধাৰত পাঠদান প্ৰক্ৰিয়া অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে ৷ ইয়াৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে শিক্ষাৰ্থী সকলক এনেকুৱা শিক্ষানীতি জাপি নিদিবলৈ সকীয়নী প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক ইয়াৰ ওপৰত উপযুক্ত শিক্ষকৰ দ্বাৰা শিক্ষাদান প্ৰক্ৰিয়া চলাই আহ্বান জনায় ৰাতুল বৰগোহাঁইয়ে (New Education Policy) ৷
লগতে পঢ়ক: MP Pradyut Bordoloi in Morigaon: মৰিগাঁৱত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ