ETV Bharat / state

খাৰুৱা তেলৰ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Feb 7, 2021, 9:43 AM IST

কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহেৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীৰে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান সম্বলিত বেনাৰ-পোষ্টাৰ লৈ সংগঠনটোৰ বৰভাগ আঞ্চলিক সমিতিয়ে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনায় ৷

মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে নলবাৰীত AJYCPৰ প্ৰতিবাদ

নলবাৰী,7 ফেব্ৰুৱাৰী: পেট্ৰ'ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ শনিবাৰে বৰভাগ আঞ্চলিক সমিতিয়ে দেশৰ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে পেট্ৰ'ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, খাৰুৱা তেল, ৰন্ধন গেছৰ ওপৰত ৰাজ্য চৰকাৰে আৰোপ কৰা অতিৰিক্ত কৰ হ্ৰাস কৰক, নৰেন্দ্ৰ মোডী হায় হায়, ধৰ্মেন্দ্ৰ প্ৰধান লেই লেই চেই চেই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে অনাগত দিনত যদি মূল্যবৃদ্ধি হ্ৰাস নহয়, তেন্তে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতাই ৷

লগতে পঢ়ক: গ্ৰামাঞ্চলৰ জনতাৰ মাজত এছএছবিৰ ফিট ইণ্ডিয়া সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.