ETV Bharat / state

নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

author img

By

Published : Jul 1, 2022, 6:35 PM IST

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী (AJYCP protest in Nalbari)৷ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা আৰু বানাক্ৰান্তক পুনৰ সংস্থাপনৰ দাবীত নলবাৰী জিলা সমিতিয়ে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।

AJYCP protest in Nalbari
নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

নলবাৰী, ১ জুলাই: নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘন্টীয়া 'অৱস্থান ঘৰ্মঘট' কাৰ্যসূচী (AJYCP protest in Nalbari)৷ অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা(Assam flood as National problem) হিচাপে ঘোষণা কৰা, অসমৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা আৰু বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে শুকুৰবাৰে নলবাৰীত সংগঠনটোৰ জিলা মুখ্য কাৰ্যালয়ত(AJYCP Nalabari office) অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । তাৰোপৰি উক্ত সমস্যাসমূহ সন্নিৱিষ্ট কৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়-ববীয়া ৷

সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ শিক্ষা সম্পাদক মৃনাল কুমাৰ বৰ্মন, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য নগেন শালৈ, জিলা সমিতিৰ উপদেষ্টা নিৰোদ দাস, জিলা সমিতিৰ উপ-সভাপতি আচিক আহমেদ, জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মন, জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰাঞ্জল কলিতা, চিত্ৰৰঞ্জন তালুকদাৰ, চহৰ সমিতিৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি বহু বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকে ।

লগতে পঢ়ক: বাহন চলাচলত নিষেধাজ্ঞা: তেজপুৰত বানে ছিঙিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.