ETV Bharat / state

অভিশপ্ত ৩০ অক্টোবৰ : নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চহৰ সমিতিৰ অভিশপ্ত ৩০ অক্টোবৰৰ নিহত ব্যক্তি সকললৈ শ্ৰদ্ধাঞ্জলি ।

author img

By

Published : Oct 30, 2021, 10:50 PM IST

ajycp-nalbari-tributes-to-guwahati-serial-blast-martyrs
অভিশপ্ত ৩০ অক্টোবৰ :নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি

নলবাৰী, 30 অক্টোবৰ : অভিশপ্ত ৩০ অক্টোবৰ ২০০৮ ৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই আজিও সৰ্বসাধাৰণ ৰাইজৰ বুকু কঁপাই তোলে । সেইমৰ্মে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো বোমা বিস্ফোৰণত নিহত ব্যক্তি সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । নলবাৰী জিলাৰ চহৰস্থিত এম এন চি বালিকা মহাবিদ্যালয়ত প্ৰাংগণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিয়েও আয়োজন কৰে একেধৰণৰ অনুষ্ঠান ৷

২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত ব্যক্তি সকললৈ তেওঁলোকে একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে মহেন্দ্র নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ চন্দ্র গৌড়, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ নলবাৰী জিলা সমিতিৰ উপদেষ্টা গৌতম কুমাৰ শৰ্মা, জিলা সমিতিৰ সম্পাদক কৌশিক বৰ্মনে ৷

লগতে পঢ়ক : পুনৰ বহিৰাগত ব্যৱসায়ীক সংস্থাই ঠগিলে থলুৱা কৰ্মচাৰী-ঠিকাদাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.