ETV Bharat / state

ধৰ্মপুৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল - মনোনয়ন দাখিল

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড৹ শিখৰ কুমাৰ শৰ্মাই দালাল আৰু মধ্যভোগীৰ পৰা ৰাজত্ব আৰু ৰাজনীতি কাঢ়ি আনি ৰাইজৰ হাতত দিয়াৰ বাবে যাত্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ৷

AJP candidate Nomination submit at Dharmapur
ধৰ্মপুৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
author img

By

Published : Mar 16, 2021, 3:53 PM IST

নলবাৰী,16 মাৰ্চ: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ভেঁটি কঁপাই এক বিশাল ৰেলীৰে ধৰ্মপুৰ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড৹ শিখৰ কুমাৰ শৰ্মাৰ মঙলবাৰে মনোনয়ন দাখিল কৰে । অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড৹ শিখৰ কুমাৰ শৰ্মাই নিজ সমষ্টি ধৰ্মপুৰৰ পৰা এক বিশাল ৰেলীৰে আহি নলবাৰী গৰ্ডন খেলপথাৰৰ সন্মুখত উপস্থিত হয় । পুষ্পসজ্জিত বাহনেৰে আহি প্ৰাৰ্থীগৰাকীয়ে নলবাৰী উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় ।

AJP candidate Nomination submit at Dharmapur
ধৰ্মপুৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড৹ শিখৰ কুমাৰ শৰ্মাই ৰেলীৰ সময়ত এইবাৰ ধৰ্মপুৰত একঘেমীয়া ৰাজত্বৰ অন্ত পৰিব বুলি উল্লেখ কৰে । তেওঁ দালাল আৰু মধ্যভোগীৰ পৰা ৰাজত্ব আৰু ৰাজনীতি কাঢ়ি আনি ৰাইজৰ হাতত দিয়াৰ বাবে এই যাত্ৰা আৰম্ভ কৰাৰ কথা উল্লেখ কৰে । শৰ্মাই ৰাজনৈতিকভাৱে নেতৃত্ব দিব অহা নাই বুলি প্ৰকাশ কৰি ৰাইজৰ হাতত নেতৃত্ব দিব অহা বুলি মন্তব্য কৰে । তেওঁ বিজেপিৰ লগত এইবাৰ নিৰ্বাচনৰ মূল যুঁজখন হ’ব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক: সৰুপথাৰত হিমন্তৰ নিৰ্বাচনী ৰণ ডংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.