নলবাৰী, 19 জুলাই : নলবাৰীৰ মুকালমুৱাত উপস্থিত হৈ বানপীড়িতৰ সমস্যাৰ বুজ ল'লে নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷ সেই স্থানতে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক তথা নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে, আঞ্চলিক গণ মৰ্চাই 2021 চনত বিজেপিক উৎখাত কৰিব ৷ গণ মৰ্চা গঠন হোৱাৰ পূৰ্বে আছুক আবেদন জনোৱা হৈছিল কিন্তু কোনো সঁহাৰি লাভ নকৰিলে ৷ সেয়ে অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হ’ল নতুন আঞ্চলিক শক্তি ৷ "কা" বিৰোধী শক্তিয়ে দিল্লীলৈ এগৰাকী সাংসদ পঠালে ৷ এয়া শুভ লক্ষণ ৷ বিজেপিৰ বিৰুদ্ধে ৰাইজৰ বুকুত উমি উমি জ্বলি থকা জুইকুৰা সময়ত বিস্ফোৰণ হ'ব বুলি জনাই তেওঁ ৷
উল্লেখযোগ্য যে, নতুনকৈ গঠিত আঞ্চলিক গণ মৰ্চাৰ নেতৃত্ববৰ্গই আজি পোন প্ৰথমবাৰৰ বাবে নলবাৰীৰ বৰক্ষেত্ৰীত ৰাজনৈতিক অভিযান চলায় । বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ভিন্ন প্ৰান্তত উপস্থিত হৈ সঁজাতি দলটোৱে সমষ্টিটোৰ ব্ৰহ্মপুত্ৰৰ বান, গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যাৰ বুজ লয় । দলটোক হাজো দৌলাশাল পথকে ধৰি মুকালমুৱাৰ ভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠন, শুভাকাংশীয়ে উষ্ম আদৰণি জনায় ।
আঞ্চলিক গণ মঞ্চ গঠনৰ পাছত পোন প্ৰথমবাৰৰ বাবে মুকলমুৱাত ৰাজনৈতিক ভ্ৰমণ কৰি ৰাইজৰ মাজত দেখা সাক্ষাৎ কৰে তথা সমস্যাৰ বুজ লয় দলটোৱে । সঁজাতি দলত উপস্থিত থাকে অজিত কুমাৰ ভূঞা, অদীপ কুমাৰ ফুকন, কমল নাৰায়ণ চৌধুৰী, মনজিৎ মহন্ত আৰু বিশিষ্ট জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ৷
সাংসদ অজিত কুমাৰ ভূঞাই মুকালমুৱা ৰাইজৰ আগত কয় যে, তেওঁলোকৰ আজি প্ৰথম দিনাৰ ৰাজনৈতিক অভিযান যথেষ্ট সফল আৰু ৰাইজৰ সহাঁৰি অভূতপূৰ্ব । বিজেপি চৰকাৰে সমন্বয়ৰ অসমখন থান-বান কৰিছে । যদি বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰে তেন্তে অসমত গণতন্ত্ৰৰ চিন-চাব নাথাকিব । দেশত ৰাইজৰ অধিকাৰ বোলা কোনো বস্তু নাথাকিব । ৰাইজক কৰা শোষণৰ বিৰোধিতা কৰি আঞ্চলিক গণ মৰ্চা গঠন কৰা হৈছে বুলি অজিত কুমাৰ ভূঞাই মন্তব্য কৰে ৷
লগতে পঢ়ক : ওদালগুৰি জিলাৰ হৰিশিঙাত উদ্ধাৰ মাৰণাস্ত্ৰ