ETV Bharat / state

ৰাজ মেধি ছাৰৰ দুখ আঁতৰিল, নিজ গৃহলৈ উভতিল ড৹ নন্দেশ্বৰ ৰাজ মেধি

author img

By

Published : Jul 8, 2019, 11:34 AM IST

অৱশেষত ঘৰলৈ ঘূৰি গ'ল সন্দিকৈ কলেজৰ প্ৰাক্তন অধ্যাপক ডo নন্দেশ্বৰ ৰাজমেধি ৷ পৰিয়ালৰ অত্যাচাৰৰ বাবে আত্মহত্যাৰ সিদ্ধান্ত লৈছিল নন্দেশ্বৰ ৰাজমেধিয়ে ৷ ২৫ মে'ৰ নিশা এক নিশ্চিত মৃত্যুৰ পৰা উদ্ধাৰ কৰি শান্তি নিবাস অনাথ আশ্ৰমত আশ্ৰয় দিছিল স্বত্বাধিকাৰী মজিবুৰ ৰহমানক ৷

ৰাজ মেধি ছাৰৰ দুখ আঁতৰিল, নিজ গৃহলৈ উভতিল ড৹ নন্দেশ্বৰ ৰাজ মেধি

নলবাৰী, 8 জুলাইঃ ৰাজ্যৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ ড৹ নন্দেশ্বৰ ৰাজ মেধি । "ৰহস্যবাদ" আৰু "লোক সংস্কৃতিৰ" ওপৰত গবেষণা কৰি দুবাৰকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল শিক্ষাবিদগৰাকীয়ে৷ ১৯৭৭ আৰু ২০০২ চনত ডক্টৰেট ডিগ্ৰী লোৱা বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে এলাহাবাদ বিশ্ববিদ্যালয় আৰু মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা দুবাৰকৈ এম এ ডিগ্ৰী লৈ গুৱাহাটী সন্দিকৈ কলেজত অধ্যাপনা কৰিছিল । গুৱাহাটীৰ সন্দিকৈ কলেজত সুদীৰ্ঘ ৩২ বছৰে অধ্যাপনা কৰিছিল ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে । ১৮ বছৰ পূৰ্বে অৰ্থাৎ ২০০২ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অধ্যাপক গৰাকীয়ে বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ পৰিছিল । পিচে এতিয়া অসুস্থ হৈ পৰাৰ লগে লগে তেওঁৰ ওপৰত চৰম নিৰ্যাতন আৰম্ভ হ'ল উচ্চ শিক্ষিত পুত্ৰ - কন্যাৰ । পিতৃয়ে জনোৱা মতে সৰু পুত্ৰক সুৰা সেৱনৰ বাবে ধন দিব নোৱাৰিলে যেতিয়াই তেতিয়াই মাৰপিট আৰম্ভ কৰি দিয়ে পিতৃ-মাতৃক । বিগত ১০ বছৰে পুত্ৰ - কন্যাৰ নিৰ্যাতন সহ্য কৰি অবশেষত দুই তিনিবাৰকৈ আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল অধ্যাপক গৰাকীয়ে । উল্লেখ্য যে, ২৫ মে'ৰ নিশা এক নিশ্চিত মৃত্যুৰ পৰা তেওঁক উদ্ধাৰ কৰিছিল শান্তি নিবাস অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী তথা সাংবাদিক মজিবুৰ ৰহমানে। শিক্ষাবিদ গৰাকীক শান্তি নিৱাস বৃদ্ধাশ্ৰম তথা অনাথ আশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল মজিবুৰ ৰহমানে । প্ৰায় দুমাহ ধৰি শান্তি নিবাসত থকাৰ অন্তত অৱশেষত অধ্যাপক গৰাকীক ঘৰলৈ নিবলৈ আহিল দুই পুত্ৰ সহ পত্নী ।

ৰাজ মেধি ছাৰৰ দুখ আঁতৰিল, নিজ গৃহলৈ উভতিল ড৹ নন্দেশ্বৰ ৰাজ মেধি

শান্তি নিবাস অনাথ আশ্ৰমত নলবাৰী জিলা সমাজ সেৱা সংঘৰ সম্পাদক আবেদ আলীৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অধ্যাপক গৰাকীক আনুষ্ঠানিক ভাৱে পৰিয়ালটোক চমজাই দিয়ে মজিবুৰ ৰহমানে৷ অনুষ্ঠানটোত নলবাৰীৰ সচেতন নাগৰিক জ্ঞানেন চক্ৰৱৰ্তীয়ে নিজ ভাষণত সাংবাদিক ৰহমানৰ কৰ্মৰাজিৰ শলাগ লৈ অধ্যাপক গৰাকীক নিবলৈ অহা দুই পুত্ৰ আৰু পত্নীক কৰযোৰে অনুৰোধ জনাই কয় - "আৰু অত্যাচাৰ নকৰিব ড৹ মেধি চাৰক ।" লগতে নলবাৰী জিলা লেখক সভাৰ সাধাৰণ সম্পাদক বিজয় বৰুৱাই তেনে ঘটনাৰ পুনৰাবৃত্তি নঘটাৰ কামনা কৰি সাংবাদিক মজিবুৰ ৰহমান আৰু শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমক ধন্যবাদ জনাই ।

সবিশেষ জানিবলৈ পঢ়কঃ ঘৰলৈ নাযাও, বৃদ্ধাশ্ৰমতেই মই সুখীঃ ড৹ নন্দেশ্বৰ ৰাজ মেধি

Intro:ড৹ নন্দেশ্বৰ ৰাজ মেধি ছাৰৰ দুখ আতৰিল*। *সাংবাদিকে উদ্ধাৰ কৰা অধ্যাপকক চমজি ললে দুই পুত্ৰ আৰু পত্নীয়ে।Body:

ৰাজ্যৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ । "ৰহস্যবাদ" আৰু "লোক সংস্কৃতিৰ" ওপৰত গবেষণা কৰি দুবাৰকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল তেওঁ । নাম ড৹ নন্দেশ্বৰ ৰাজ মেধি । সকলোৱে মাতে মেধি চাৰ বুলিহে । ১৯৭৭ আৰু ২০০২ চনত ডক্টৰেট ডিগ্ৰী লোৱা বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে এলাহাবাদ বিশ্ববিদ্যালয় আৰু মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা দুবাৰকৈ এম এ ডিগ্ৰী লৈ গুৱাহাটী সন্দিকৈ কলেজত অধ্যাপনা কৰিছিল । ১৮ বছৰ পূৰ্বে অবসৰ গ্ৰহণ কৰি নলবাৰীৰ উদয়পুৰত নিগাজিকৈ থাকিবলৈ লোৱা অধ্যাপক গৰাকীৰ জীৱনলৈ শেহতীয়াকৈ নামি আহিছিল অমানিশা । পেঞ্চনৰ টকাখিনিৰ বাবে পৰিয়ালটোত টনা আজোৰা । পেঞ্চনৰ ধনখিনি বেংকৰ পৰা উলিয়াই নি গৃহৰ বাৰান্দা পোৱাৰ লগে লগে ভাগ বটৰোৱাত নামি পৰে দুই পুত্ৰ , তিনি জীয়ৰী আৰু পত্নীয়ে । মাহটো চলিবলৈ তেওঁৰ হাতত আৰু পইছা নাথাকে । পিতৃয়ে জনোৱা মতে সৰু পুত্ৰক সুৰা সেৱনৰ বাবে পুনৰ ধন দিব নোৱাৰিলে যেতিয়াই তেতিয়াই মাৰপিট আৰম্ভ কৰি দিয়ে । যোৱা ১০ বছৰে পুত্ৰ - কন্যাৰ নিৰ্যাতন খাই অবশেষত দুই / তিনিবাৰ আত্মহত্যাৰ প্ৰচেষ্টাও চলাইছিল অধ্যাপক গৰাকীয়ে । আৰু তেনেকৈয়ে যোৱা ২৫ মেৰ নিশা এক নিশ্চিত মৃত্যু মুখৰ পৰা (ৰেল আলিৰ পৰা) তেওঁক উদ্ধাৰ কৰিছিল শান্তি নিবাস অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী মজিবুৰ ৰহমানে। শিক্ষাবিদ গৰাকীক ৰহমানে শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল । প্ৰায় দুমাহ ধৰি শান্তি নিবাসত ৰখাৰ অন্তত আজি দুই পুত্ৰ আৰু পত্নীয়ে নিবলৈ আহিল অধ্যাপক গৰাকীক । শান্তি নিৱাস অনাথ আশ্ৰমত নলবাৰী জিলা সমাজ সেৱা সংঘৰ সম্পাদক আবেদ আলীৰ সঞ্চালনাত অনুস্থিত এক গাম্ভীৰ্যপুৰ্ণ অনুস্থানত অধ্যাপক গৰাকীক আনুষ্ঠানিক ভাৱে পৰিয়ালটোক চমজাই দিয়ে মজিবুৰ ৰহমানে । অনুস্থানটোত নলবাৰীৰ সচেতন নাগৰিক জ্ঞানেন চক্ৰবৰ্ত্তীয়ে ভাষনত সাংবাদিক ৰহমানৰ কৰ্মৰাজিৰ শলাগ লৈ অধ্যাপক গৰাকীক নিবলৈ অহা দুই পুত্ৰ আৰু পত্নীক কৰযোৰে অনুৰোধ জনাই কয় - আৰু অত্যাচাৰ নকৰিব ড৹ মেধি চাৰক । গৃহৰ পৰা আৰু ওলাই আহিবলৈ বাধ্য নকৰাব তেখেতক । অনুস্থানটোত নলবাৰী জিলা লেখক সভাৰ সাধাৰন সম্পাদক বিজয় বৰুৱাই তেনে ঘটনাৰ পুনৰাবৃত্তি নঘটাৰ কামনা কৰি সাংবাদিক মজিবুৰ ৰহমান আৰু শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমক ধন্যবাদ জনাই । যি নহওক ড৹ ৰাজ মেধিয়ে পৰিয়ালটোত হাঁহি ধেমালিৰে পাৰ কৰাওঁক জীৱনৰ শেষ সময়ছোৱা । সেয়াই সকলোৰে কাম্য । এনেদৰে চকুলোঁ টুকি থোকাথুকি মাতেৰে মাত লগাই আজি মেধি চাৰে গ'লগৈ নিজৰ আপোন ঘৰখনলৈ । আৰু এনেকৈয়ে এতিয়ালৈ ৪২১ গৰাকী বৃদ্ধ - বৃদ্ধা , শিশু , কিশোৰ - কিশোৰীক উদ্ধাৰ কৰি ইয়াৰ পৰবৰ্ত্তী সময়ত ৩৫৯ গৰাকীক নিজৰ পৰিয়ালক চমজি দিবলৈ সক্ষম হৈছে । এইসকলৰ ভিতৰত ৩২ গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটাৰ লগতে বৰ্তমানে ৩০ গৰাকী আবাসী আছে শান্তি নিৱাসত ।Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.